সৰুপথাৰঃযোৰহাটৰ চিনামৰাস্থিত অ এন জি চিৰ আসাম আৰকান এণ্ড আৰকান বেচিনৰ চি এছ আৰ ফাণ্ডৰ দ্বাৰা সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গেলাবিল অঞ্চলৰ দুখন বিদ্যালয় ক্ৰমে গেলাবিল বিল গাওঁ প্ৰাথমিক বিদ্যালয় আৰু গেলাবিল হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে প্ৰায় ২০ লাখ টকাৰ পুঁজি আবন্টন দিয়ে।
উল্লেখ্য যে, গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ অনুৰোধ ক্ৰমে বিদ্যালয়কেইখনলৈ আগবঢ়োৱা পুঁজিৰে বিদ্যালয়কেইখনৰ কামৰ উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অ এন জি চিৰ বেচিন মেনেজাৰ পুনিত চুৰি আৰু অ এন জি চিৰ চিনামৰাস্ত কাৰ্যালয়ৰ এইচ এন গাৰ্গ, বি কে শৰ্মা আৰু ডি জি এম গুৰজিৎ কৌৰ।
ইপিনে, অ এন জি চি এ বিদ্যালয়কেইখনৰ আন্ত:গাথনি নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়াত উৎফুল্লিত হৈ পৰিছে গেলাবিল অঞ্চলৰ ৰাইজ। সভাত অএনজিচিৰ বেচিন মেনজাৰগৰাকীয়ে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে পলিথিন ব্যৱহাৰ নকৰিবৰ আহবান জনায়। অ এন জি চিৰ এনে মহান কৰ্মত অঞ্চলবাসীয়ে শলাগ জনায়।