বিগত কেইবা দিন ধৰি গুৱাহাটী-শিলচৰ আকাশীপথেৰে যাত্ৰা কৰা বিমানৰ যাত্ৰীসকলৰ পৰা অত্যাধিক হাৰত ধন আদায় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ভূমিস্খলনৰ ফলত ৰেলপথ আৰু ঘাইপথ বন্ধ হৈ পৰাত আকাশী পথ ব্যৱহাৰ কৰা যাত্ৰীসলক পৰা ২৫ হাজাৰ পৰ্যন্ত ভাড়া আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰেলপথ আৰু ঘাইপথ বন্ধ৷ বিকল্প মাথো আকাশী পথ৷ শিলচৰ-গুৱাহাটীৰ মাজৰ বিমান ভাড়া বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন মাজতে সাংসদ ৰাজদ্বীপ ৰয়ৰ টুইটৰ ৰি-টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ১৫ দিন ভাড়া বৃদ্ধি কৰিব নোৱাৰিব বুলি কয়। এয়াৰলাইনসমূহক যাত্ৰীসকলৰ পৰা অত্যাধিক ভাড়া আদায় নকৰিবলৈ নিশ্চিত কৰিবলৈ কয় সিন্ধিয়াই৷ ১৫ দিনৰ ভিতৰত গুৱাহাটী-শিলচৰ ভ্ৰমণৰ ভাড়াৰ সীমা স্পষ্ট হৈ থাকিব আৰু বৃদ্ধি কৰিব নোৱাৰিব। এয়াৰলাইনবোৰক নিৰ্দেশনা পালন কৰিবলৈ কয়৷