বিজেপিৰ নেতা-কৰ্মী, মন্ত্ৰী-বিধায়ক ব্যস্ত হৈ পৰিছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত৷ ৰঙালী বিহুৰ সময়ত নিজ সমষ্টিলৈ যোৱাৰ পৰিৱৰ্তে বিজেপিৰ সকলো নেতা-কৰ্মী গুৱাহাটীত ব্যস্ত৷ ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডত ভোট ভিক্ষা কৰি ঘূৰি-ফুৰিছে বিজেপিৰ প্ৰভাৱশালী নেতা-কৰ্মীসকল৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ব্যস্ত বিত্ত মন্ত্ৰী অজন্তা নেওগো৷ আজি জালুকবাৰীত ১নং ৱাৰ্ডৰ বিজেপি-অগপ প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীৰ হৈ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে নেওগে৷ জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰিই আমাৰ প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত বুলি দাবী কৰে অজন্তা নেওগে৷