গুৱাহাটীঃ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ কোৱাৰেণ্টাইনত এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লোকজন হৈছে দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া।
কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অগ্নিনিৰ্বাপক বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজন। জানিব পৰা মতে, মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে বিগত ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা এম্বুলেঞ্চেৰে ঘূৰি আহিছিল তেওঁ।
অসম পোৱাত লোকজনক পুত্ৰৰ সৈতে যোৱা ৯ মে’ৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কোৱাৰেণ্টাইনত ৰখা হৈছিল। অৱশেষত আজি লোকজনৰ মৃত্যু হয়।