অসম জাতিৰ আয়ুস ৰেখা স্বৰূপ ৰঙালী বিহুৰ ব্যাপক আনন্দ-উল্লাস আৰম্ভ হোৱাৰ সময়তে আকৌ আলফাত যেগদানৰ ধুম উঠিছে একাংশ যুৱক-যুৱতীৰ৷ উজনি-নামনি আৰু গুৱাহাটীৰ যুৱক-যুৱতী আলফালৈ স্বাধীনত যোগদানৰ পুনৰ সন্দেহ কৰা হৈছে৷ কৌশলপূৰ্ণ যুদ্ধ বিৰতি ঘোষণা কৰি আলফা স্বাধীনৰ শীৰ্ষ নেতা পৰেশ বৰুৱাই যুৱক-যুৱতীক শিবিৰলৈ নিয়াৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে পুনৰ প্ৰায় ১৩গৰাকী যুৱক আলফাৰ শিবিৰলৈ যোৱাৰ খবৰ প্ৰকাশ হৈ আহিছে৷ ১৩গৰাকী যুৱক-যুৱতীৰ ভিতৰত গুৱাহাটীৰ যুৱক থকা বুলিও সন্দেহ কৰা হৈছে। গুৱাহাটীৰ বেলতলাৰ হিতেশ ডেকা নামৰ যুৱকজনে ম্যানমাৰলৈ গৈ আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ কৰা হৈছে৷ বিগত কেইবা দিন ধৰি নিৰুদ্দেশ হৈ আছে হিতেশ৷ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানক আলফা স্বাধীনে জনোৱা মতে, আজি ১০গৰাকী যুৱকে আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত গৈ আলফা স্বাধীনত যোগ দিছে৷ ইয়াৰে দুগৰাকী গুৱাহাটীৰ মাজ-মজিয়াৰ আৰু ৩গৰাকী যুৱক গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী এলেকাৰ বুলি জানিব পৰা গৈছে৷ একেটা দিনতে আলফা স্বাধীনৰ শিবিৰত ১৩গৰাকী যুৱক উপস্থিত হোৱাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। উজনিৰ তিনিচুকীয়াৰ ঋতুৰাজ গোহাঁই, পানীতোলাৰ শুভান্তা দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিস দাস, আজাৰাৰ মৃণ্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেণ বৰা আৰু উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলিয়ে আলফা স্বাধীনত যোগ দিয়া বুলি জানিব পৰা গৈছে৷