গুৱাহাটীৰ বৰবৰীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই নিৰ্মাণ কৰা কাৰ্যালয় আজি মুকলি কৰা হয়৷ ডা০ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা নিৰ্মিত ‘সুদৰ্শনালয়’ৰ গৃহ আজি মুকলি কৰা হয়৷ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ড০ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা নিৰ্মিত ‘সুদৰ্শনালয়’ৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হৈছো বুলি কয় মুখ্যমন্ত্ৰীয়ে। এই ভৱন হৈছে আমাৰ সামাজিক-সাংস্কৃতিক ঐক্য আৰু সংহতিৰ এক প্ৰকাশ, যিয়ে আমাৰ দেশৰ মহানতা আৰু সাংস্কৃতিক স্বকীয়তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত ডা০ হেডগেৱাৰ স্মাৰক সমিতিৰ কাৰ্যালয় আটকধুনীয়াকৈ নিৰ্মাণ কৰি হৈছে৷ মুখ্যমন্ত্ৰীৰ সৈতে সুৰেশ ছোনি, বশিষ্ঠ বুজৰবৰুৱা, শংকৰ দাস উপস্থিত থাকে৷