গুৱাহাটীঃ গুৱাহাটী মহানগৰীত কৰ’নাজনিত পৰিৱেশৰ দ্ৰুতগতিত অৱনতি ঘটিছে। দেওবাৰে এক সংবাদমেলৰ সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে তথ্যৰ বিভ্ৰান্তি সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে এইকেইদিন লাখ লাখ ডাটা এণ্ট্ৰি কৰা হৈছে আৰু সেইবোৰত কিছু ভুল-ক্ৰুটি ৰৈ যোৱাতো স্বাভাৱিক কথা।
আনহাতে, জিএমচিএইচ লেতেৰা হৈ থাকে বুলি কোৱা কথাকো নস্যাৎ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ অভিযোগ একাংশ লোকৰ মনেসজা বুলিও দাবী কৰে। মন্ত্ৰীগৰাকীয়ে কৰ’না একো ৰোগ নহয় বুলি কোৱাসকলকো সমালোচনা কৰি ৰাইজক বিভ্ৰান্ত নকৰিবলৈ আহ্বান জনায়।
লকডাউনৰ মাজতে কাইলৈ গেলামালৰ দোকানসমূহ খুলিলে দোকানৰ সমুখত অযথা ভিৰ নকৰিবলৈকো মন্ত্ৰীগৰাকীয়ে আজিৰ সংবাদমেলযোগে গুৱাহাটীবাসীক আহ্বান জনায়। ‘যিমান লোকে গুৱাহাটীত কোৰোনা পৰীক্ষা কৰিছে তাৰে ৩০ শতাংশই পজিটিভ ওলাইছে। গতিকে আমি সকলোৱে সাৱধান হোৱা উচিত।’-মন্ত্ৰীগৰাকীয়ে কয়।