March 30, 2023, 7:53 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গুৱাহাটীৰ গলিয়ে গলিয়ে ‘TOLET’, ৫০ শতাংশ গ্ৰাহক কমিল বাতৰি কাকতৰ

Reporter Name
  • Update Time : Thursday, July 9, 2020
  • 192 Time View

স্কাই নিউজ আসাম, গুৱাহাটী ডেস্কঃ গুৱাহাটী মহানগৰত সৰ্বত্ৰ এতিয়া ক’ৰোনাৰ আতংক৷ ৰাজপথ উদং হৈ পৰাৰ লগতে খালি হৈ পৰিছে ভাড়াঘৰসমূহ৷ মহানগৰৰ অলিয়ে-গলিয়ে এতিয়া মানুহৰ ঘৰৰ সন্মুখত লাগি আছে ‘‘TOLET’ ফলক৷ দীৰ্ঘদিন ধৰি এই ফলকবোৰ ওলমি থকাৰ ফলত কিছুমান উৱলিও গৈছে৷ লগে লগে দেখা গৈছে দোকান ঘৰৰ সন্মুখত বন্ধ চাটাৰটো আৰ দিয়া আছে ‘TOLET’ ফলক৷

ঘৰ ভাড়া দি পৰিয়াল পোহপাল দিয়া মহানগৰৰ একাংশৰ বাসিন্দাৰ এতিয়া পানীত হাহ নচৰাৰ দৰে হৈছে৷ প্ৰায়সমূহ এলেকাতে ভড়াঘৰ এৰি গাঁৱলৈ গুছি গৈছে সৰু-সুৰা ব্যৱসায় কৰা, গাড়ী চলোৱা পৰিয়ালসমূহ৷ অটো, উবেৰৰ চালকসমূহো অনিৰ্দিষ্ট কালৰ বাবে গুৱাহাটী এৰি গুছি গৈছে৷ বিশেষকৈ চৰকাৰী ভাৱে এই যুঁজ দীঘলিয়া হ’ব, কিমান দিন লক-ডাউন দিব লাগিব তাৰ কোনো নিশ্চয়তা নাই, আদি ঘোষণা ৰাজ্য চৰকাৰৰ পৰা দি অহাৰ ফলতে মহানগৰবাসী অধিক আতংকিত হৈ পৰিছে৷

ইফালে কোৱিড-১৯ৰ সংক্ৰমণৰ আশংকাত বাতৰি কাকক পঢ়িবলেও এৰিছে মহানগৰবাসীয়ে৷ স্কাই নিউজৰ ফালৰ পৰা কেইবাজনো হকাৰক সাক্ষাৎ কৰি লাভ কৰা তথ্য অনুযায়ী মহানগৰত এতিয়া ৪০ শতাংশ বিক্ৰী নহয় বাতৰি কাকত৷ ফলশ্ৰুতিত হকাৰসমূহৰ জীৱনলৈ নামি আহিছে অনিশ্চয়তা৷ গুৱাহাটী সুৰযনগৰৰ সমীপৰ আনন্দনগৰৰ এটা গলিত আজি এজন হকাৰে জনোৱা মতে, পূৰ্বতে যিখন কাকত তেওঁ এশ কপি বিক্ৰী কৰিছিলে সেইখন কাকতৰ এতিয়া ৪০ কপিৰো গ্ৰাহক নাই৷ গ্ৰাহকে ভাইৰাছ নোহোৱা হলেহে পুনৰ কাকত লব বুলি হকাৰসকলক জনাই দিছে৷ অন্যহাতে বহু এলেকাত স্থানীয় সমিতিসমূহে বাতৰি কাকতৰ হকাৰ অহাটো নিষিদ্ধ কৰিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে