March 29, 2023, 3:27 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গুৱাহাটীবাসীৰ বিৰুদ্ধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষোভ, ১৪ দিনৰ সম্পূৰ্ণ লক-ডাউন ঘোষণা

Reporter Name
  • Update Time : Friday, June 26, 2020
  • 92 Time View

গুৱাহাটীঃ এতিয়াৰ পৰা পুৱা ৯ বজাৰ পৰিবৰ্তে পুৱা ৭ বজাত আৰু নিশা ৯বজাৰ পৰিবৰ্তে নিশা ৭ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ’ব৷ এই কথা শুকুৰবাৰে ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ এই ঘোষণা দুদিনৰ বাবেহে৷ দুদিনৰ পিছত অৰ্থাৎ দেওবাৰৰ নিশাৰ পৰা ১৪ দিনৰ সম্পূৰ্ণ লক-ডাউন ঘোষণা কৰিছে গুৱাহাটী মহানগৰ৷ গুৱাহাটী মহানগৰীত প্ৰতিদিনে ক’ৰোনা আক্ৰান্ত ৰোগী দ্ৰুত গতিত বৃদ্ধি হোৱাৰ সময়তে ৰাজ্য চৰকাৰে গণ সংক্ৰমণৰ আশংকা কৰি পুনৰ লক-ডাউন ঘোষণা কৰিছে৷

শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে লক-ডাউন বলৱৎ হ’ব বুলি ঘোষণা কৰে৷ দুসপ্তাহৰ এই লক-ডাউনৰ প্ৰথম ৭ দিন কঠোৰ হ’ব বুলি কয়। গুৱাহাটীত কোৱিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধই পাবলৈ ধৰা বুলি কৈ মন্ত্ৰী হিমন্তই কয় যে গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰে। সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছো।

উল্লেখ্য যে, মহানগৰীত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ লোৱাত ১৫ জুনৰ পৰা ৰেণ্ডম টেষ্ট আৰম্ভ কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে। ইয়াৰ পিছতে ১৫ জুনৰ পৰা আজিলৈকে মহানগৰীত ৭৬২ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে বুলি সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই। এই সময়ছোৱাত ১০ হাজাৰ ৬১৭ জন লোকৰ চেম্পল কালেকশ্যন কৰাৰ কথা জনাই মন্ত্ৰীগৰাকীয়ে।

গুৱাহাটী মহানগৰীত দ্ৰুত গতিত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। এইকেইদিনত ধৰা পৰা ৭৬২ জন লোকৰ অধিকাংশৰে ট্ৰেভেল হিষ্টৰী পোৱা হোৱা নাই। লাহে লাহে ৰেলৰ চলাচল এন এফ ৰেলৱেই বন্ধ কৰি দিছে। শ্ৰমিক-কৃষক এক্সপ্ৰেছো আৰু ৪খন মানহে আহিব। ফ্লাইটৰ সংখ্যাও কমি আহিছে। গতিকে মই ধাৰণা কৰিছো যে অহা এসপ্তাহমানত গুৱাহাটীৰ বাহিৰত সংক্ৰমণৰ সংখ্যা কমি যাব। কিন্তু গুৱাহাটী মহানগৰীত সংক্ৰমণৰ সংখ্যা উৰ্ধমুখী হোৱাৰ সম্ভাৱনা আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে এইকেইদিন ৭৬২ জন লোক ধৰা পৰিছে। গতিকে চেম্পল দিয়াৰ পৰা আইছলেশ্যন কৰালৈকে যদি ৫-৬ দিনো সময়ৰ প্ৰয়োজন হৈছে বুলি আমি ধৰি লও তেন্তে এইকেইদিনত লোকসকল ঘূৰি থকাটোৱেই স্বাভাৱিক। লগতে কিবা এটা ছিনড্ৰম পোৱাৰ পিছতহে পৰীক্ষা কৰিবলৈ আহিছিল। সেয়ে এয়া অনস্বীকাৰ্য যে মহানগৰীত বহুখিনি লোকৰ মাজলৈ কোৱিড বিয়পি গৈছে।

মন্ত্ৰী হিমন্তই কয় যে পৰহি মই দিল্লীত আছিলো। মই দেখা পাইছিলো যে সকলো মানুহে মাস্ক ব্যৱহাৰ কৰি আছে। ৰাস্তা-ঘাটত প্ৰয়োজন হ’লে মানুহ ওলাই নাহে। কিন্তু আজি গুৱাহাটী মহানগৰীত দেখিছো যে কাৰ্যত ১০ শতাংশ লোকেও মাস্ক ব্যৱহাৰ কৰা নাই। ছ’চিয়েল ডিষ্টেন্সিং ৰখা নাই। গধূলি হ’লে ১০ জনৰো অধিক লোক লগ হৈ আড্ডা দিয়াও দেখিছো। হোটেল-ৰেষ্টুৰেণ্ট খুলি দিছো যাতে দূৰত্ব বৰ্তাই ৰাখি চাহ বা ভাত খাব পাৰে। পিছে সকলোৱে আগৰ দৰেই হৈ পৰিছে। চৰকাৰী কাৰ্যালয়সমূহতো মানুহৰ সংখ্যা বাঢ়িছে। হাইৱেবোৰত ট্ৰাকৰ লোডিং-আনলোডিং চলা ঠাইসমূহতো মানুহৰ অত্যাধিক জনসমাগমে পৰিৱেশ অধিক জটিল কৰি তুলিছে বুলি গুৱাহাটীবাসীৰ বিৰুদ্ধে ক্ষোভ উজাৰে হিমন্তই বিশ্ব শৰ্মাই৷ মহানগৰবাসী যে ক’ৰোনাক লৈ মুঠেই সচেতন হোৱা নাই বুলি কৈ দিল্লীৰ সৈতে তুলনা কৰে৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গেলামালৰ দোকান খোলা নাথাকিব বুলি কয়৷ মহানগৰবাসীৰ এনে দায়িত্বহীনতাৰ বাবে অত্যন্ত অনিচ্ছা সত্বেও অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে গুৱাহাটীত পুনৰ লক-ডাউন ঘোষণা কৰিবলৈ চৰকাৰ বাধ্য হৈছে বুলি আজিৰ সংবাদমেলত সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীত আমি লক-ডাউন বলৱৎ কৰাৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্তই বহু মানুহক দুখ-কষ্ট দিব, অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব। কিন্তু যেতিয়ালৈকে আমি আমাৰ দায়িত্ব পালন কৰিব নোৱাৰিম তেতিয়ালৈকে চৰকাৰে মানুহৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য। লকডাউনক বেদনাদায়ক হিচাপে অভিহিত কৰি আৰু আন-লকৰ পৰা লক-ডাউনলৈ যাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ১২ জুলাইলৈকে আনুষ্ঠানিকভাৱে কামৰূপ মহানগৰ জিলাত লকডাউন ঘোঘণা কৰে মন্ত্ৰীগৰাকীয়ে। লক-ডাউনৰ সময়ত গেলামাল দোকান পৰ্যন্ত বন্ধ থাকিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে