গুৱাহাটীঃ ৰাজ্যত আগন্তুক নিৰ্বাচনৰ গৰম বতাহ বলিছে৷ প্ৰতিটো দলে দিছপুৰ দখলৰ কুচ-কাৱাজ চলাই থকাৰ মাজতে শাসকীয় দলে আজি গুৱাহাটীত অনুষ্ঠিত কৰিছে ৰাজ্যিক কাৰ্যনিৰ্বাহক৷ শাসকীয় দল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠক গুৱাহাটী মহানগৰীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে৷ ৰাজ্যৰ বিভিন্ন জিলা সমতিসমূহৰ নেতৃত্ব উপস্থিত থকাৰ লগতে নতুনকৈ স্থানপ্ৰাপ্ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকল উপস্থিত থাকে৷ এইসভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সচিব ৰাম মাধৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিৰ ৰাষ্ট্ৰীয় সচিব ৰাম মাধৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যনিৰ্বাহকত ভাষণ প্ৰদান কৰি সকলো কৰ্মকৰ্তাক গাঁৱত সক্ৰিয় হৈ কাম কৰি ২০২১ পুনৰ চৰকাৰ গঠনৰ বাবে সাজু হ’বলৈ কয়৷