স্কাই নিউজ ডেস্ক, গুৱাহাটীঃ ১৯ জুলাইলৈ লক-ডাউন লক-ডাউন বৃদ্ধি গুৱাহাটীত৷ মুখ সচিবৰ জাননী প্ৰকাশ যে সোমবাৰৰ পৰা শুকুৰবাৰলৈ গেলামাল আৰু ষ্টেচনাৰী দোকানসমূহ খোলা থাকিব৷ সকলো ধৰণৰ ব্যক্তিগত যান-বাহনৰ চলাচল পূৰ্বৰ দৰেই বন্ধ থাকিব৷ চৰকাৰী কাৰ্যালয় আৰু সকলো ধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠান ১৯ জুলাইৰ সন্ধিয়ালৈ বন্ধ থাকিব বুলি ঘোষণা কৰে মুখ্য সচিবে৷ উল্লেখ্য যে, আজি দিনৰ ভাগত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এসপ্তাহ লক-ডাউন দিলে গুৱাহাটী মহানগৰীত ক’ৰোনাৰ গণ সংক্ৰমণ ৰোধ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল৷