গুৱাহাটীঃ সোমবাৰে পুৱা ১১ বজাৰ পৰা শিথিল কৰা হৈছে ৰাজধানী গুৱাহাটী মহানগৰীৰ লক-ডাউন৷ পুৱা ১১ বজাৰ লগে লগে মহানগৰীৰ নাগৰিক হাতত মোনা লৈ ওলাই অহা পৰিলক্ষিত হয়৷ ৰাজধানী গুৱাহাটীত নিতৌ পাঁচ শতাধিকতকৈ অধিক লোক ধৰা পৰি থকাৰ সময়তে যোৱা ২৮ জুনৰ পৰা ১৪ দিনৰ বাবে লক-ডাউন ঘোষণা কৰে ৰাজ্য প্ৰশাসনে৷ লক-ডাউন ইমানে কঠোৰ কৰে যে কেৱল ফাৰ্মাচীৰ বাহিৰে আন সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে প্ৰশাসনে৷
সোমবাৰে পুৱা ১১ বজাৰ পৰা লক-ডাউন ঘোষণা কৰাৰ পিছতে গেলামালৰ দোকনত ভিৰ কৰে৷ হাতত মোনা লৈ সামগ্ৰী ক্ৰয় কৰি থকা দেখা যায়৷ একাংশ দোকানীয়ে গ্লবচ পৰিধান নকৰাকৈয়ে আৰু একাংশ গ্ৰাহকে মুখত মাস্ক নিপিন্ধাকৈ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰলিক্ষিত হয়৷ সমান্তৰালকৈ ঠায়ে ঠায়ে গেলামাল-শাকপাচলিৰ দোকানত সামাজিক দূৰত্ব পালন কৰা দেখা নাযায়৷
চানমাৰী, জু-তিনিআলি আদি ঠাইত একাংশ লোকে অনাহকে ওলাই অহা দেখা যায়৷ তেনে সময়তে কঠোৰ ব্যৱস্থা লোৱা দেখা যায় আৰক্ষীক৷ আৰক্ষী তথা ট্ৰেফিক আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ নথিপত্ৰ পৰীক্ষা কৰি থকা দেখা যায়৷