গুৱাহাটীঃ বিগত কেইবা দিনধৰি হৈ অহা বৰষুণৰ ফলত গুৱাহাটীত পাহাৰ খহি পৰাৰ ঘটনা সংঘটিত হৈ আহিছে৷ প্ৰায় এসপ্তাহ ধৰি গুৱাহাটী মহানগৰীৰ লগতে মহানগৰীৰ আশে-পাশে এনে ঘটনা সংঘটিত হৈছে৷ শনিবাৰে নিশা গুৱাহাটীত এনে ঘটনা সংঘটিত হৈ এগৰাকী প্ৰতিভাবান যুৱতীৰ মৃত্যু হৈছে৷
অতিমাত্ৰা বৃষ্টিপাতত মহানগৰীৰ খাৰঘুলিৰ হিৰিম্বাপুৰ ভূমিস্খলনত অকালতে মৃত্যু হয় ২১বছৰীয়া যুৱতী প্ৰিয়ংকা বড়োৰ৷ প্ৰতিভাৱান প্ৰিয়ংকা বড়ো নৃত্যপটিয়সী হোৱাৰ উপৰিও বিভিন্ন লোকসংস্কৃতিৰ জ্ঞান আহৰণ কৰিছিল৷
বিদেশৰ লগতে দেশত আৰু অসমৰ বিভিন্ন মঞ্চত নৃত্য প্ৰৰ্দশন কৰি সুনাম কঢ়িয়াই আনিছিল প্ৰিয়ংকাই৷ গুৱাহাটী কলেজৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী প্ৰিয়ংকাই লণ্ডনলৈ যাবৰ বাবেও সাজু হোৱা বুলি জানিব পৰা যায়৷ প্ৰিয়ংকাৰ মৃত্যুত সমগ্ৰ অসমত শোকৰ ছাঁ পৰে৷