ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মহানগৰীত নাবালিকাক দলবদ্ধ বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, উৰুকাৰ নিশা বৰ্ষাপাৰাৰ ভাড়াতীয়া হিচাপে থকা বিকি সাহাই এগৰাকী কিশোৰী বান্ধৱীক ফুৰাব নিয়াৰ চলেৰে নিজৰ ভাড়াঘৰলৈ মাতি আনে। ভাড়াঘৰলৈ কিশোৰীগৰাকীক আনি বিকি সাহাই মাৰপিট কৰি বালাৎকাৰ কৰে। সেই সময়ত ভাড়া ঘৰটোত উপস্থিত থকা আন দুজন যুৱকেও কিশোৰীগৰাকীক বলাৎকাৰ কৰে। মূলতঃ তিনি যুৱকে এগৰাকী নাবালিকাক উপৰ্যুপুৰি দলবদ্ধ বলাৎকাৰ কৰে ।
বলাৎকাৰৰ সমগ্ৰ দৃশ্য মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি ৰাখে তিনি যুৱকে। তাৰ পিছত তিনি যুৱকে কিশোৰীগৰাকীক আনৰ আগত এই বলাৎকাৰৰ ঘটনা প্ৰকাশ কৰিলে ভিডিঅ’ ভাইৰেলৰ ভাবুকি দিয়ে। প্ৰাৰম্ভিক অৱস্থাত ভুক্তভোগী কিশোৰীগৰাকীয়ে এই বিষয়ে কাকো জানিবলৈ দিয়া নাছিল যদিও পিছত কিশোৰীগৰাকীয়ে পৰিয়ালৰ সহযোগত যোৱা ১৭ জানুৱাৰীত পাণবজাৰ সদৌ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সেইদিনাই তিনি অভিযুক্ত ক্ৰমে বিকি সাহা,পান্না আলী আৰু বিক্কিক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।