March 30, 2023, 7:15 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গুৱাহাটীত ছয়গাঁও আৰক্ষীৰ অভিযান, জালত পৰিল ড্ৰাগছ ব্যৱসায়ী মহিদুল

Reporter Name
  • Update Time : Thursday, June 25, 2020
  • 134 Time View

ছয়গাঁওঃ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ৰাজধানী গুৱাহাটীত অভিযান চলাই জালত পেলাবলৈ সক্ষম হৈছে ড্ৰাগছ ব্যৱসায়ীক৷ বৃহস্পতিবাৰে পুৱতি নিশা ছয়গাঁও আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক গৌতম সিনহাৰ নেতৃত্বত এটা দলে গুৱাহাটীৰ ৰূপনগৰত অভিযান চলাই এঘৰ লোকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহিদুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীজনক৷

জানিব পৰা মতে, ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰ গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰত৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়া মতে, দীৰ্ঘ দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি অবাধে ব্যৱসায় চলাই গৈছিল মহিদুলে৷ ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ৰূপে অভিহিত মহিদুলক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছিল যদিও পলাই সাৰিবলৈ সক্ষম হৈছিল৷ অৱশেষত ড্ৰাগছ মাফিয়া মহিদুল গুৱাহাটীত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে আৰু ছয়গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে কিছুদিন পূৰ্বে গৰৈমাৰী অঞ্চলৰ পৰা ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ ছয়গাঁও থানাত ৪৫৬/২০২০ আৰু ৫৫৬/২০২০ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত মহিদুলক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা-পোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে