February 6, 2023, 8:53 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা : পিতৃক ড্ৰাগছৰ বেজী দি পুত্ৰই লুটিলে ৩.৫০ লাখ টকা, পিতৃৰ আত্মহত্যা

Reporter Name
  • Update Time : Monday, January 23, 2023
  • 16 Time View

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বাপুজীনগৰ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷ ড্ৰাগছ আসক্ত পুত্ৰই ড্ৰাগছ ক্রয় কৰাৰ বাবে নিজ পিতৃক ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি লুটি নিয়ে ৩ লাখ ৫০ হাজাৰ টকা। পাছত লুট কৰি নিয়া ধনখিনি লৈ ঘৰৰ পৰা পলায়ন কৰে পুত্ৰ-বোৱাৰী৷ ড্ৰাগছৰ বেজীত সংজ্ঞাহীন হোৱা পিতৃয়ে দুদিনৰ পাছত জ্ঞান ঘূৰাই পোৱাত পুত্ৰৰ এনে কাণ্ড জানিব পাৰি অৱশেষত ডিঙিত চিপ লৈ জীৱনৰ চৰম পন্থা বাচি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত বাপুজীনগৰৰ নাথপাৰা অঞ্চলত। জানিব পৰা মতে, দিন হজিৰা কৰি ৫ জনীয়া পৰিয়ালটো কোনো মতে পোহ পাল দি অহা পিতৃ বুল দাসে নিজৰ চিকিৎসাৰ বাবে যোৱা ১৮ জানুৱাৰীত বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি৷

ড্ৰাগছ আসক্ত বিবাহিত পুত্ৰ ৰাহুল আলীয়ে পিতৃয়ে বেংকৰ পৰা উলিয়াই অনা ধনখিনি লুট কৰিবলৈ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ যোৱা ১৯ জানুৱাৰীত সংঘটিত কৰে এই কাণ্ড। সেইদিনা সন্ধিয়া প্ৰায় ৬ মান বজাত পিতৃ আৰু পৰিয়ালৰ আন জন সদস্য নিদ্ৰাৰত অৱস্থাত থকাৰ সময়তে পিতৃ বুল দাসক ককালত ড্ৰাগছৰ বেজি দি সংজ্ঞাহীন কৰি লুট কৰে নগদ ৩.৫০ লাখ টকা। তাৰ পিছত লুট কৰা ধন খিনি লৈ পত্নীৰ সৈতে ৰাহুল আলীযে ঘৰৰ পৰা পলায়ন কৰে। ইপিনে পিছদিনা মাতৃ চাহাৰা বেগমে দিন হাজিৰা কৰি ঘৰলৈ উভতি আহি স্বামী বুল দাস সংজ্ঞাহীন অৱস্থাত পৰি থকা দেখা পাই চিঞৰ বাখৰ লগায়।

পিছত স্থানীয় লোক উপস্থিত হৈ বুল দাসক বিছনাতে সংজ্ঞাহীন অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে যোৱা দুদিন ধৰি পত্নী চাহাৰা বেগমে কৰা সেৱা শুশ্ৰূষাৰ অন্তত স্বামী বুল দাস স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হয়। আনহাতে পুত্ৰ ৰাহুল আলীয়ে ড্ৰাগৰ বেজী দি সংজ্ঞাহীন কৰি নগদ ৩.৫০ লাখ টকা লুট কৰি নিয়া বুলি জানিব পাৰি হিতাহিত জ্ঞান হেৰুৱাই শনিবাৰে দিনৰ প্ৰায় ১২.৩০ মান বজাত মঠঘৰীয়াৰ ৰে’ল লাইনৰ সমীপত এডাল গছত চিপ লৈ আত্মহত্য কৰে। পিছত নুনমাটি আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰে। আনহাতে ঘটনা সন্দৰ্ভত মাতৃ চাহাৰা বেগমে পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে কালিয়েই নুনমাটি থানাত দাখিল কৰিছে এখন এজাহাৰ। ভুক্তভোগী মাতৃযে দিয়া এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি পলাতক পুত্ৰ ৰাহুল আলী আৰু বোৱাৰী চুলতানা বেগমক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে