March 28, 2023, 7:27 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গুৱাহাটীত কিছু ক্ষেত্ৰত শিথিল হ’ব লকডাউন! খুলিব গেলামালৰ দোকান

Reporter Name
  • Update Time : Saturday, July 4, 2020
  • 129 Time View

ডিজিটেল ডেস্কঃ ২৯ জুনৰ পৰা গুৱাহাটী মহানগৰীত চলি আছে লকডাউন। কিন্তু কাইলৈৰ পৰা ১২ জুলাইলৈকে গুৱাহাটীত কিছু ক্ষেত্ৰত শিথিল হ’ব লকডাউন। এই সম্পৰ্কত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই প্ৰকাশ কৰিছে এখন নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি সোমবাৰ আৰু বুধবাৰে এতিয়াৰে পৰা গুৱাহাটীত গেলামালৰ দোকান খুলিব পাৰিব। পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈকে খুলিব পাৰিব দোকান। অৱশ্যে কেৱল ২০ শতাংশ দোকানহে খোলাৰ বাবে অনুমতি দিয়া হ’ব। এই সম্পৰ্কত জিলা উপায়ুক্তই নীতি নিয়ম নিৰ্ধাৰণ কৰি দিব। দোকানী আৰু গ্ৰাহকে মাস্ক পিন্ধিব লাগিব। লগতে সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে মূল্যবৃদ্ধি নকৰাকৈ সামগ্ৰী বিক্ৰী কৰাত গুৰুত্ব দিব লাগিব দোকানীসকলে।

ইয়াৰ সমান্তৰালকৈ পাইকাৰী দোকানসমূহ কেৱল দেওবাৰ আৰু মঙলবাৰেহে দোকান খুলিব পাৰিব। দোকান খোলাৰ বাবে বিয়লি ৩ বজাৰ পৰা ৬ বজালৈকে সময় নিৰ্ধাৰণ কৰা হৈছে। এফচিআইৰ কামসমূহো সঠিক মতে চলাব পাৰিব। অৱশ্যে সকলো ক্ষেত্ৰতে থাকিব লাগিব সামাজিক দূৰত্ব। তদুপৰি সোমবাৰ আৰু বুধবাৰে সামগ্ৰী বিক্ৰেতাসকলে গ্ৰাহকৰ ঘৰত গৈ পাচলি আৰু ফলমূল বিক্ৰী কৰিব পাৰিব। অৱশ্যে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকেহে বিক্ৰী কৰাৰ বাবে নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে। সোমবাৰ আৰু বুধবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে ঔষধ বা চিকিৎসা সামগ্ৰী পাইকাৰী বিক্ৰী কৰাৰ বাবে অনুমতি দিয়া হৈছে। ১০ জুলাইত পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈকে ই কমাৰ্চ ব্যৱস্থাও খোলা থাকিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে