আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছে নেচনেল মেডিকোছ অৰ্গেনাইজেচনৰ ৪১ তম বাৰ্ষিক সন্মিলন৷ আজি সন্মিলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত দুদিনীয়া সন্মিলন আয়োজন কৰাৰ বাবে নেচনেল মেডিকোছ অৰ্গেনাইজেচনৰ ওচৰত কৃতজ্ঞ বুলি কয়। ৰাজ্যখনৰ চিকিৎসা সম্প্ৰদায়ক লাভান্বিত কৰাত এক আকৰ্ষণীয় চুক্তিত সহায় কৰিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে ইনফ্ৰা ডিভিপিটিৰ লগতে উদ্ভাৱনী মূলক আঁচনিৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ আঠখন কাৰ্যকৰী চিকিৎসা মহাবিদ্যালয় আৰু আঠখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণাধীন আছে। আন আঠখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে যিয়ে সংখ্যাটো ২৪ লৈ লৈ যাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। নেচনেল মেডিকোছ অৰ্গেনাইজেচনৰ ৪১ তম বাৰ্ষিক সন্মিলন আৰএছএছৰ সম্পৰ্ক প্ৰমুখ ড০ ৰমেশ পাপ্পাৰ, এনএমঅ’ৰ সভাপতি ড০ সতীশ মিধা, এনএমঅ’ৰ সম্পাদক ড০ বিশ্বম্ভৰ গান, এনএমঅ’ অসমৰ সভাপতি ড০ প্ৰশান্ত দিহিঙিয়া, জিএমচিৰ অধ্যক্ষ ডা০ অচ্যুত চন্দ্ৰ বৈশ্য, সাংগঠনিক সচিব ডা০ ৰক্তিম প্ৰতিম তামুলী উপস্থিত থাকে৷