বেবেজীয়াঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে এই দিৱসটি উদযাপন কৰা হৈছে৷ ইয়াৰ অংশ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাতো এই দিৱসটি পালন কৰা হয়৷ উল্লেখ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ৫৫০ বছৰ পূৰ্বেই সত্ৰ কৃষ্টিৰ চিন্তা-চৰ্চাৰ মাজত মাটি আখৰা, হস্ত মুদ্ৰাৰ মাজেৰে যোগৰ কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। সম্প্ৰতি সেই যোগ কলাৰেই যেন বিকশিত হৈ পৰিছে আমাৰ মাজত ৷ তদনুযায়ী আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা পতঞ্জলি যোগ সমিতিৰ সহযোগত গুৰুজনাৰ পৱিত্ৰ জন্মভূমিৰ ঐতিহাসিক আকাশীগংগাৰ তীৰত থকা আই খেৰসুঁতি মঞ্চত যোগ দিৱস পালন কৰা হয়। এই মৰ্মে, পুৱাৰ ভাগত বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে এগচি বন্তি প্ৰজ্বলনেৰে যোগ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ দুুই শতাধিক লোকৰ অংশগ্ৰহণেৰে অনুুষ্ঠিত হোৱা এই যোগ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ আৰু নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷