গুৰুগ্ৰামঃ হাৰিয়ানাৰ গুৰুগ্ৰামত ৬ কিলো মিটাৰ দৈৰ্ঘ্যৰ এখন নিৰ্মিয়মান উৰণীয়া সেঁতুৰ এটা বৃহৎ অংশ শনিবাৰে নিশা খহি পৰে৷ গুৰুগ্ৰাম-চোহনা পথত এইখন উৰণীয়া সেঁতু নিৰ্মাণ হৈ আছিল৷ উৰণীয়া সেঁতুৰ এটা বৃহৎ অংশ শনিবাৰে হঠাতে খহি পৰে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হয়৷ ঘটনাত কেইবাগৰাকী লোক আঘাটপ্ৰাপ্ত হৈছে৷
সেঁতু খহি পৰাৰ পিছতে উক্ত এলেকাত দৌৰা-দৌৰা লাগে৷ একাংশ গাড়ী কোনো মতে ৰক্ষা পৰিছে দুৰ্ঘটনাৰ পৰা৷ বাদশ্বাহ পুৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই উৰণীয়া সেঁতু NHAI-এ চোৱাচিতা কৰি আছিল৷ উল্লেখ্য যে, গুৰুগ্ৰামত বিগত কেইবাদিন ধৰি প্ৰবল বৰষুণ হৈ আহিছে৷ যাৰ ফলত সেঁতু খহি পৰা বুলি আশংকা কৰা হৈছে৷