বিশ্বনাথৰ পৰা জোনমণি বেগমঃ ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহত গুণোৎসৱ চলি থকা সময়তে অখিল গগৈৰ চৰকাৰক আক্ৰমণ কৰিছে। দলীয় কামত বিশ্বনাথ জিলাত উপস্থিত হৈ গুণোৎসৱে অসমৰ শিক্ষা ব্যৱস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰে বুলি কয়। মোৰ নিজৰ সমষ্টিতে দেখিছো যে বেছিভাগ বিদ্যালয়তে পানী পৰে। যিখন বিদ্যালয়ৰ বিল্ডিং ভঙা, সেইবোৰ বিদ্যালয়ত গুণোৎসৱ পাতিলে কিবা লাভ হ’ব জানো। বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ তুলনাত শিক্ষকৰ অভাৱ। বিজেপি চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ বিপৰিতে এফালৰ পৰা চৰকাৰী বিদ্যালয়ৰ মাৰি লৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অথবা হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা সময়তে অসমৰ আটাইতকৈ বেছি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে বুলি কয় বিধায়ক অখিল গগৈয়ে। গুণোৎসৱৰ সলনি বিদ্যালয়সমূহত কি কৰাৰ প্ৰয়োজন বিধায়ক গৰাকীয়ে তাৰ পৰামৰ্শ প্ৰদান কৰে। আজি বিশ্বনাথৰ বিহালী সমষ্টিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ সৈতে মতবিনিয় কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।