May 25, 2022, 12:17 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

গুজৰাটত কংগ্ৰেছৰ নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্ব ল’ব পাৰে নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে

Reporter Name
  • Update Time : Thursday, March 24, 2022
  • 41 Time View

নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযানৰ কাম কৰিবলৈ ৰাহুল গান্ধীৰ ওচৰলৈ যোৱা বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে। কংগ্ৰেছৰ এটা সূত্ৰৰ উদ্ধৃতি এই খবৰ প্ৰকাশ৷ যোৱা বছৰ ছেপ্টেম্বৰত কংগ্ৰেছ নেতৃত্ব আৰু প্ৰশান্ত কিশোৰৰ মাজত হোৱা আলোচনাৰ পিছতে কংগ্ৰেছ নেতৃত্ব আৰু প্ৰশান্ত কিশোৰ মাজত ব্যৱধান বৃদ্ধি পাইছিল। কংগ্ৰেছে তেতিয়া কিশোৰৰ এজন প্ৰাক্তন সহায়কৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চম্ভালিবলৈ চুক্তি স্বাক্ষৰ কৰিছিল৷ আনহাতে প্ৰশান্ত কিশোৰে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ বাবে ৰণনীতি প্ৰস্তুত কৰা আৰম্ভ কৰিছিল।

কিশোৰে কেৱল গুজৰাট নিৰ্বাচনত কাম কৰিবলৈ এবাৰ প্ৰস্তাৱ দিছে। কংগ্ৰেছে এতিয়ালৈকে প্ৰস্তাৱৰ ওপৰত কোনো সিদ্ধান্ত লোৱা নাই৷ মঙলবাৰে গুজৰাট কংগ্ৰেছৰ নেতাসকলৰ সৈতে ৰাহুল গান্ধীয়ে বৈঠক কৰিছিল। গুজৰাট কংগ্ৰেছৰ কিছু নেতাই প্ৰচাৰৰ বাবে কিশোৰক লগ কৰিবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে। অৱশ্যে, চূড়ান্ত সিদ্ধান্ত ৰাহুল গান্ধীয়ে ল’ব। একে সময়তে, কিশোৰৰ ঘনিষ্ঠই এই খবৰক অস্বীকাৰ কৰিছে।

কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এই বছৰৰ আৰম্ভণিতে কৈছিল যে যোৱা বছৰ কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ প্ৰকৃত সম্ভাৱনা আছিল৷ কিন্তু কেইবাটাও কাৰণত সেয়া সম্ভৱ নহ’ল৷ প্ৰশান্ত কিশোৰে যোৱা বছৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে কেইবাটাও পৰ্যায়ৰ আলোচনা কৰিছিল। ৰণনীতিবিদজনে ৰাহুল গান্ধীৰ ঘৰলৈ যোৱাৰ ছবিক লৈ জল্পনা-কল্পনা চলিছিল। এইটো কোৱা হৈছিল যে কংগ্ৰেছত তেওঁৰ প্ৰৱেশ প্ৰায় নিশ্চিত৷

প্ৰশান্ত কিশোৰে কংগ্ৰেছৰে সম্পৰ্ক সমাপ্ত হোৱাৰ ইংগিত দিছিল। কিশোৰে ৰাজহুৱাভাৱে কৈছিল যে কংগ্ৰেছক নেতৃত্ব দিয়াৰ কোনো ব্যক্তিৰ ঐশ্বৰিক অধিকাৰ নাই৷ বিশেষকৈ যেতিয়া দলটোৱে যোৱা ১০ বছৰত ৯০ শতাংশতকৈ অধিক ভোটত পৰাজিত হৈছে। কিশোৰে স্পষ্ট কৰি দিছে যে তেওঁ বিশ্বাস কৰে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলত কংগ্ৰেছৰ ভূমিকা আছে, কিন্তু বৰ্তমানৰ নেতৃত্বৰ দ্বাৰা নহয়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে