নাজিৰা/শিৱসাগৰঃ গীত কামৰূপা নাম এগৰাকী মহিলাৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰবাসী৷ শিৱসাগৰ জিলাত ৬ হাজাৰ পঞ্জীয়নবিহীন দেহোপজিৱিনী থকাৰ লগতে প্ৰায় ১৫০০ পঞ্জীয়ন ভুক্ত দেহোপজিৱিনী থকা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল গীত কামৰূপ নাম মহিলাগৰাকীয়ে৷
শিৱসাগৰ জিলাত ভয়ংকৰ ৰূপত দেহ ব্যৱসায় বৃদ্ধি পোৱাৰ লগতে একাংশ জাতীয় সংগঠনৰ পৃষ্ঠপোষকতাত এই ব্যৱসায় চলা বুলি অভিযোগ উত্থাপন কৰিছিল গীত কামৰূপে৷
তাৰ পিছতে শিৱসাগৰবাসী তথা জাতীয় সংগঠনসমূহ জাঙুৰ খাই উঠিছে৷ এখন জিলাৰ বাসিন্দাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাৰ পিছতে জাতীয় সংগঠনসূহে উভতি ধৰিছে মহিলাগৰাকীক৷ এটাৰ পিছত আন এটা জাতীয় সংগঠনে উভতি ধৰাৰ সময়তে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উভতি ধৰে এনে ভয়ংকৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীক৷
গীত কামৰূপাৰ মন্তব্য সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দাদুল নেওঁগ মন্তব্য প্ৰকাশ কৰি শিৱসাগৰবাসীয়ে এতিয়াও সম্প্ৰীতিৰ এনাজৰী ডাল ধৰি ৰাখিছে বুলি কয়। গীত কামৰূপাই অপপ্ৰচাৰ চলােৱাৰ লগতে মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰৰ অধ্যক্ষা গীত কামৰূপাই শিৱসাগৰবাসীক এনেকৈ স্পৰ্ধা কৰিবলৈ শক্তি ক’ত পালে বুলি প্ৰশ্ন কৰে যুৱ ছাত্ৰ পৰিষদৰ নেতা দাদুল নেওঁগে৷
দাদুল নেওঁগে সংবাদমেল যোগে কয় যে অসমত দেহোপজিৱিনী পঞ্জীয়নৰ নিয়ম আছে নেকি? যদি আছে ক’ত কেতিয়া কোনে সেই পঞ্জীয়ন কৰিছিল? পঞ্জীয়নবিহীনসকলৰ তথ্য ক’ত কোনে দিলে সেয়াও ৰাজহুৱা কৰিব লাগে। শিৱসাগৰত ৬০ শতাংশ মুছলমান থকাৰ তথ্য ক’ত কোনে দিলে? শিৱসাগৰৰ প্ৰতিটো দল-সংগঠন দেহ ব্যৱসায়ত জড়িত থকাৰ তথ্য ৰাজহুৱা কৰিব লাগে গীত কামৰূপাই। যিদৰে অভিযোগ আনিছে সেইদৰে তথ্য ৰাজহুৱা কৰি সৎ সাহসেৰে তথ্য ৰাজহুৱা কৰিব লাগে বুলি কয়৷
শিৱসাগৰৰ আৰ্থিকভাৱে স্বচ্ছল কোন কোন মুছলমান পৰিয়ালৰ মতে শিৱসাগৰবাসী চলিছে ৰাজহুৱা কৰাৰ লগতে লাভ জেহাদ কি বুলিও প্ৰশ্ন কৰে নেওগে? শিৱসাগৰত এনেকুৱা কেইহাজাৰ ঘটনা ঘটিছে প্ৰমাণ কৰিব লাগে! অসমৰ কোনো মহিলাৰে আইদলজি নাই বুলিবলৈ গীত কামৰূপা কোন? কিহৰ ভিত্তিত আইদলজি নাই বুলি কৈছে। অসমৰ নাৰী সমাজক এনেধৰণে স্পৰ্ধা কৰাৰ সাহস গীত কামৰূপাই ক’ত পালে? বহু বিতৰ্কিত মন্তব্য কৰা গীত কামৰূপাৰ বিৰুদ্ধে এনেদৰেই অভিযোগ সমূহৰ উত্তকৰ বিচাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷