March 25, 2023, 4:54 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

গীত কামৰূপাৰ বক্তব্যৰ বিৰোধীতা সংগঠনৰ, তদন্ত ঘোষণা, তদন্ত কৰিব অতিৰিক্ত উপায়ুক্ত কবিতা কোঁৱৰ কাকতিয়ে

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 115 Time View

শিৱসাগৰঃ গীত কামৰূপা নাম এগৰাকী মহিলাৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰবাসী৷ শিৱসাগৰ জিলাত ৬ হাজাৰ পঞ্জীয়নবিহীন দেহোপজিৱিনী থকাৰ লগতে প্ৰায় ১৫০০ পঞ্জীয়ন ভুক্ত দেহোপজিৱিনী থকা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল গীত কামৰূপ নাম মহিলাগৰাকীয়ে৷
শিৱসাগৰ জিলাত ভয়ংকৰ ৰূপত দেহ ব্যৱসায় বৃদ্ধি পোৱাৰ লগতে একাংশ জাতীয় সংগঠনৰ পৃষ্ঠপোষকতাত এই ব্যৱসায় চলা বুলি অভিযোগ উত্থাপন কৰিছিল গীত কামৰূপে৷

তাৰ পিছতে শিৱসাগৰবাসী তথা জাতীয় সংগঠনসমূহ জাঙুৰ খাই উঠিছে৷ এখন জিলাৰ বাসিন্দাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাৰ পিছতে জাতীয় সংগঠনসূহে উভতি ধৰিছে মহিলাগৰাকীক৷ এটাৰ পিছত আন এটা জাতীয় সংগঠনে উভতি ধৰাৰ সময়তে জিলা উপায়ুক্তই তদন্ত ঘোষণা কৰিছে৷ মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষা গীত কামৰূপাৰ বিতৰ্কিত বক্তব্য সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে৷ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে৷ বিষয়টো সন্দৰ্ভত তদন্ত কৰিব জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কবিতা কোঁৱৰ কাকতিয়ে৷

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে কয় যে এই সম্পৰ্কে তেওঁৰ ওচৰত কোনো তথ্য নাই আৰু এইসমূহ তথ্য গীত কামৰূপাই কৰ পৰা সংগ্ৰহ কৰিলে সেই সম্পৰ্কে তেওঁ অজ্ঞাত৷ বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ তেওঁ এগৰাকী অতিৰিক্ত উপায়ুক্তক দায়িত্ব দিয়াৰ কথা উল্লেখ কৰি প্ৰয়োজনত গীত কামৰূপাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰে৷ ইফালে গীত কামৰূপাৰ বিতৰ্কিত মন্তব্যত জাঙুৰ খাই উঠিছে প্ৰতিটো দল-সংগঠন৷ উজনি অসমৰ অন্যতম প্ৰভাৱশালী জনগোষ্ঠীয় সংগঠন আটাছুৱে বিতৰ্কিত মহিলাগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লব বুলি স্পষ্ট কৰি দিছে৷

সংগ্ৰামী মঞ্চ অসমে বিতৰ্কিতা মহিলাগৰাকীৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাগৰাকীৰ বক্তব্যৰ সত্যতা প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে৷ অসম ছাত্ৰ-যুৱ সন্মিলনে বিতৰ্কিতা মহিলাগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে৷ ঐক্য সেনা অসমে মহিলাগৰাকীৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে৷ কোনো স্বাৰ্থান্বেষীৰ প্ৰৰোচনাত পৰি বিতৰ্কিতা মহিলাগৰাকীয়ে এইদৰে আবোল-তাবোল বকিছে বুলি উল্লেখ কৰিছে৷ উজনি অসম মুছলিম কল্যাণ পৰিষদে গীত কামৰূপাৰ বক্তব্যৰ প্ৰতিবাদ জনাইছে৷ বিশিষ্ট নিবন্ধকাৰ চামচুল বাৰিকে গীত কামৰূপাৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে৷ নতুন প্ৰজন্মৰ এগৰাকী সম্ভাৱনাপূৰ্ণ লেখিকা উৰ্বশী মহন্তই বিতৰ্কিত মহিলাগৰাকীৰ তীব্ৰ বিৰোধিতা কৰি সস্তীয়া কথাৰে লাইমলাইটত থাকিব বিচৰা বুলি কয়৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে