পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে নিজ দেশত ৰাজনৈতিক হুলস্থুলৰ মাজতে ভাৰতৰ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। ইমৰান খানে কয় যে ভাৰত আমেৰিকাৰ সৈতে কোৱাড (কোৱাড)ৰ অংশ তথাপিও তেওঁলোকে ৰাছিয়াৰ পৰা তেল আমদানি কৰি আছে৷ এয়া হৈছে ভাৰতৰ বৈদেশিক নীতি। ইমৰান খানে আৰু কয় যে মই আজি ভাৰতৰ প্ৰশংসা কৰিছো। ভাৰতে সদায় এটা মুক্ত বৈদেশিক নীতি ৰাখিছে। ভাৰত আৰু আমেৰিকাৰ মাজত মিত্ৰতা আছে আৰু ভাৰতে নিজকে নিৰপেক্ষ বুলি কয়। ভাৰতে ৰাছিয়াৰ পৰা তেল দাবী কৰিছে যিটো সময়ত ৰাছিয়াক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাৰণ ভাৰতৰ বৈদেশিক নীতি মানুহৰ উন্নতিৰ বাবে৷
উল্লেখ্য যে, সহযোগী দল আৰু নিজ দল PTIৰ ২০ জনতকৈ অধিক সাংসদে বিসম্বাদ আৰম্ভ কৰাত বিপদত পৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান৷ অনাস্থা প্ৰস্তাৱৰ জৰিয়তে চৰকাৰ পতনৰ সম্ভাৱনাই দেখা দিছে৷ ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে সকলো বিৰোধী দল বৰ্তমান একগোট হৈছে৷ যোৱা দেৰ বছৰ ধৰি বিভিন্ন বিষয়ক লৈ পাকিস্তানৰ সেনাৰে হোৱা মতানৈক্যই ইমৰান খানক বিপদত পেলাইছে৷ পাকিস্তানৰ সেনাই ক্ষমতালৈ অনা ইমৰান খান চৰকাৰৰ বিৰুদ্ধে সেনাৰ মোহভংগ হৈছে৷ অৰ্থনৈতিক মন্দাৱস্থা, মূল্য বৃদ্ধি, ভুল বৈদেশিক নীতিৰ বাবেই ইমৰান খান চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে৷
পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈছে৷ ঐক্যবদ্ধ বিৰোধীয়ে ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষক প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। বিৰোধীয়ে লগতে সতৰ্ক কৰি দিছে যে যদি অধ্যক্ষই প্ৰস্তাৱ গ্ৰহণ বা বিলম্ব বা অস্বীকাৰ কৰিলে বিধানসভা সচিবালয়ত এক অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ সোমবাৰে অধ্যক্ষই প্ৰস্তাৱ স্বীকাৰ কৰে তেন্তে ২৮ মাৰ্চত অনাস্থা ভোট গ্ৰহণ কৰা হ’ব বুলি আশা কৰা হৈছে। ৰাজনৈতিক বিবাদৰ বাবে অনাস্থা প্ৰস্তাৱ গ্ৰহণ নকৰিলে সমগ্ৰ বিধানসভাৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ ভাবুকি দিছে।
ইপিনে ২২-২৩ মাৰ্চত ইছলামাবাদত ইছলামিক সহযোগিতাৰ সংগঠন চমুকৈ অ’আইচিৰ বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত ৰাজনৈতিক চাপ বাঢ়ি অহাৰ সময়তে চোৰাংচোৱা তথ্যই সূচায় যে সেনা প্ৰধান জেনেৰেল কামাৰ জাৱেদ বাজৱা আৰু আইএছআইৰ ডিজি লেফটেনেণ্ট জেনেৰেল নাদিম অঞ্জুমে প্ৰধানমন্ত্ৰীক অ’আইচিৰ সন্মিলনৰ পিছত পদত্যাগ কৰিবলৈ কৈছে। আনকি পাকিস্তান তেহৰিক-ই-ইনচাফ চমুকৈ পিটিআই দলৰ ট্ৰাম্প কাৰ্ড প্ৰাক্তন সেনা প্ৰধান জেনেৰেল ৰাহিল শ্বৰীফক সেনাৰ সৈতে ইমৰান খানৰ হৈ মধ্যস্থতা কৰিবলৈ দি বিফল হৈছে। জানিব পৰা গৈছে যে জেনেৰেল শ্বৰীফে ইমৰান খানৰ নিৰ্দেশত জেনেৰেল বাজৱাক লগ কৰিবলৈ পাকিস্তানলৈ উৰা মাৰিছিল৷ কিন্তু সেনা প্ৰধানক সৈমান কৰিব নোৱাৰিলে৷