পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ নলবাৰী জিলাৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ওলমি থকা তলা আজি খুলি দিয়ে গাঁও সভাৰ সদস্যসকলে৷ এদিন পূৰ্বে ১৩নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত গাঁও সভাৰ সদস্য-সদস্যাসকলৰ লগতে একাংশ ৰাইজে তলা লগাই দিছিল৷ এই বাতৰি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতে নলবাৰী জিলা গ্ৰামোন্নয়ন বিভাগৰ গা লৰা পৰিলক্ষিত হয়। পঞ্চায়তখনত সদ্য আৱণ্টিত এমজি এনৰেগা আঁচনিৰ এখনো আঁচনি গাঁও পঞ্চায়তক প্ৰদান নকৰাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তক ১৭ টাকৈ আঁচনিখনৰ কাম অনুমোদন দিয়ে৷ ফলত পঞ্চায়তখনৰ ক্ষোভিত গাঁও সভাৰ সদস্য-সদস্যাসকলে কাৰ্যালয়টোত উপস্থিত হৈ পঞ্চায়ত সভাপতি ৰাতুল শৰ্মা আৰু সচিব ভগৱান লহকৰক প্ৰশ্ন কৰে৷ কিন্তু সভাপতি, সচিবে উত্তৰ দিব নোৱাৰাত অৱশেষত পঞ্চায়ত কাৰ্যালয়টোত অৰ্নিষ্টকাললৈ তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। নলবাৰী গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাক কাৰ্যালয়টোলৈ ততাতৈয়াকৈ মাতি নি জিপিৰ ১৬টা এমজি এনৰেগা কামৰ অনুমোদন দিয়ে৷ অৱশ্যে নলবাৰী জিলা গ্ৰামীণ বিকাশ অভিকৰণে বৰ্তমানেও আঁচনিৰ কাৰিকৰী কাম-কাজ কৰা নাই বুলি জানিব পৰা গৈছে। তাৰ পিছতে পঞ্চায়তখনৰ সদস্য-সদস্যাসকলে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ ওলমাই থোৱা তলা খুলি দিয়ে।