গুৱাহাটীঃ বিশ্বানাথ চাৰিআলিৰ বজাৰত মাংস বিক্ৰী কৰাৰ অভিযোগত গণ প্ৰহাৰৰ বলি হোৱা চৌকত আলীক এতিয়া অসম চৰকাৰে দিব লাগিব ১ লাখ টকাৰ ক্ষতিপূৰণ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক ৬ সপ্তাহৰ ভিতৰত এই ক্ষতিপূৰণ আদায় দি প্ৰমাণ জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে ২০১৯ চনৰ ৭ এপ্ৰিলত ৪৮ বছৰীয়া চৌকত আলী নামৰ লোকজনক বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ সাপ্তাহিক বজাৰত একাংশ লোকে আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰিছিল। এই ঘটনাৰ মোবাইল ফোনত সংগ্ৰহ কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ঘটনাটোক লৈ কেবাদিন ধৰি উত্তাল হৈ পৰিছিল ৰাজ্যৰ চৌদিশ।
এই ঘটনাক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছিল কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া। শইকীয়াৰ গোচৰৰ ভিত্তিত আয়োগে অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কিন্তু দুয়োগৰাকীৰ পৰা কোনো সদুত্তৰ নোপোৱাত এই নিৰ্দেশ প্ৰদান কৰে আয়োগে।