গুৱাহাটীঃ শনিবাৰে আছিল ‘গণেশ চতুৰ্থী’৷ হিন্দু ধৰ্মাৱলম্বীৰ সর্বোচ্চ দেৱতা সিদ্ধিদাতা গণেশক শনিবাৰে দেশবাসীয়ে আৰাধনা কৰে৷ বুদ্ধি, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতাক ক’ৰোনা কালৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰে৷
বিশ্বাস অনুযায়ী গণেশে ভক্তক মনোবাঞ্চা পূৰণ কৰে৷ যাৰ ফলত ভক্তই ক’ৰোনা কালত ভাল দিনৰ আশা কৰি পূজা-পাতাল কৰে৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনলৈ শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰিলে ‘গণেশ চতুৰ্থী’ৰ দিনটোত৷
মুখ্যমন্ত্ৰী সোণোৱালে এক বাৰ্তাত কয় ‘‘পৱিত্ৰ ‘গণেশ চতুৰ্থী’ উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো। সিদ্ধিদাতা প্ৰভু শ্ৰী গণেশৰ আশীৰ্বাদে সমস্ত বাধা-বিঘিনি দূৰ কৰি আটাইৰে জীৱনলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা।’’