আজি বিশ্ব পৰিবেশ দিৱস৷ বিশ্ব পৰিবেশ দিৱসৰ দিনটোত গোৰেশ্বৰত ব্যতিক্ৰমী বিশ্ব পৰিবেশ দিৱস পালন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ গোৰেশ্বৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জৈৱ-বৈচিত্র্যতা সংৰক্ষণ আৰু পৰিস্থিতি তন্ত্র ভাৰসাম্য ৰক্ষা কৰাৰ উদ্দ্যশ্যে বিভিন্ন সংস্থাক গছপুলি বিতৰণ কৰে। ‘গছ থাকিলেহে মানুহ থাকিব’ মন্ত্ৰক সাৰোগত কৰি গোৰেশ্বৰ আৰক্ষী থানা, গোৰেশ্বৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়, গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৰেশ্বৰ বন বিভাগৰ কাৰ্যালয়কে ধৰি গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত গোৰেশ্বৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গছপুলি বিকৰণ কৰে৷