ডিব্ৰুগড়ঃ ৰাজ্যত সময়ে সময়ে সাংবাদিক দুষ্ট চক্ৰৰ আক্ৰমণৰ বলি হৈ আহিছে একাংশ সাংবাদিক৷ ৰাজ্যত নিৰাপত্তাহীনতাত ভোগে সাংবাদিকসকল। দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ বাবেই দেওবাৰে দৈনিক জনমভূমি কাকতৰ সাংবাদিক যুগান্ত দিহিঙীয়াক বিজেপিৰ এজন নেতাই আক্ৰমণৰ চেষ্টা চলায়। মৰাণৰ সমীপৰ খোৱাঙৰ এটা পথত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত দুদিনৰ পূৰ্বে মৰাণৰ দৈনিক জনমভূমি কাকতৰ সাংবাদিক যুগান্ত দিহিঙীয়াই বাতৰি পৰিৱেশন কৰাৰ পিছত সাংবাদিকগৰাকীক বিজেপি কৰ্মী দিলিপ বাইলুঙে পথত আগুছি ধৰি চোকা অস্ত্ৰৰে প্ৰাণে মৰাৰ অপচেষ্টা চলায়।
উপায়ন্তৰ হৈ সাংবাদিকজনে প্ৰাণৰ মমতাত দৌৰি নিজক ৰক্ষা কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে পথটোত সংঘটিত হোৱা এই দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে খণ্ড উন্নয়ণ বিষয়াই তাৎক্ষণিক ভাৱে তদন্ত ঘোষণা কৰে। পথটো পুনৰ মেৰামতি কৰিছে অন্য ঠিকাদাৰে। কিন্তু এই গুণ্ডাজনে সাংবাদিকজনক পথটোৰ সন্দৰ্ভত ঠিকাদাৰ পক্ষৰ সৈতে মেনেজ কৰি দিবলৈ সাংবাদিকজনৰ ঘৰলৈ আহিছিল।
সাংবাদিকজনে দিলিপ বাইলুঙক ঘৰৰ পৰা উলিয়াই দিয়াত আক্ৰমণৰ লক্ষ্য কৰি লয়। ইফালে এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকজনে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই দোষীক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত স্মাৰক পত্ৰ দাখিল কৰিছে। দুৰ্ভাগ্যজনক ঘটনাটোক গৰিহণা দিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ, খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি অংকিত গগৈ, মৰাণ সমষ্টি উন্নয়ণ পৰিষদৰ সভাপতি চন্দন গগৈৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি তপন কুমাৰ শইকীয়া, সাধাৰণ সম্পাদক প্ৰণৱ ডেকাবৰুৱা, তাই আহোম ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থা আদি সংগঠনসমূহে। আনহাতে সোমবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্জৰ স্মৰাক পত্ৰ প্ৰদান কৰি দোষীক উপয়ুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷