ৰাজ্যখনলৈ ভাল খবৰ কঢ়িয়াই আনিছে তিনিগৰাকী যুৱ ক্ৰীড়াবিদে৷ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ তিনি যুৱ ক্ৰীড়াবিদ৷ তিনিওগৰাকী হৈছে মহিলা কাৰাটেকা৷ অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে কয় যে অসম অলিম্পিক সন্থাৰ অধীনৰ অসম ৰাজ্যিক কাৰাটে সন্থাৰ সদস্যা জোনমণি দাস আৰু চান্দনী জৈনে কুমিটে আৰু কাটা ইভেণ্টত গুৱাহাটী বিশ্যবিদ্যালয়ক প্রতিনিধিত্ব কৰিব৷ ইমন গগৈয়ে কুমিট ইভেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব৷