সৰুপথাৰঃ নিয়তিৰ খেলাত সৰ্বস্বান্ত সৰুপথাৰৰ খেতিয়ক। সমগ্ৰ অসমতে বৰষুণে তাণ্ডৱ চলাইছে। হাজাৰ হাজাৰ গাঁৱৰ ৰাইজ বানৰ কবলত। কিন্তু ধনশিৰি মহকুমাৰ সৰুপথাৰতহে নাই বৰষুণ। ধাননি পথাৰ ফাটি চিৰাচিত হল। প্ৰখৰ ৰদত লেৰেলিল সেউজিয়া হ’বলৈ ধৰা ধাননি ডৰা।
সকলোফালে যেন দৰিদ্ৰৰে মৰণ। গাঁৱৰ সৰহ সংখ্যক ৰাইজে খেতি বাতি কৰিয়েই কোনোমতে পৰিয়াল পোহপাল দি আছে। দীৰ্ঘদিন ধৰি বৰষুণ নোহৱাৰ ফলত এতিয়া দিশহাৰা এইসকল খেতিয়ক। চৰকাৰৰো এইবোৰ ক্ষেত্ৰত আহৰি নাই।
অৱশেষত আজি ৰাইজৰ ধৈৰ্য্যৰ বান্ধ চিঙিল। সৰুপথাৰ প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত বৰবালী, বেবেজীয়া, টেঙেৰাজান আৰু বৰডুবি গাঁৱৰ দলে বলে সকলো পুৰুষ-মহিলা ওলাই আহি পথাৰত পানী দিয়াৰ সুবিধা কৰি খান্দিলে বৃহৎ নলা। দৈয়াং নদীৰ সৈতে সংযোগ ঘটাই প্ৰেমহৰা পঞ্চায়তৰ বৰবালী গাঁৱৰ পানী যোগান কেন্দ্ৰৰ পৰা পথাৰলৈ সংলগ্ন কৰি খান্দিলে এই নলা। তেওঁলোকক এই ক্ষেত্ৰত নলা খন্দাৰ সুবিধা হোৱাকৈ এখন জে চি বি যোগান ধৰিলে সৰুপথাৰৰ বিশিষ্ট সমাজ সেৱক তথা বিজেপি নেতা জীৱন চুতীয়াই। গাঁৱৰ ৰাইজে জনোৱা মতে এই নলাৰ পৰা ৫/৬ খন গাঁৱৰ খেতিয়ক ৰাইজ উপকৃত হব।