February 9, 2023, 1:05 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

খিলঞ্জীয়া জিষ্ণু বাৰ্মাৰ পক্ষ নাৰাজ, দন্ত চিকিৎসক-সাংসদ মানিক চাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

Reporter Name
  • Update Time : Saturday, May 14, 2022
  • 61 Time View

শনিবাৰে ত্ৰিপুৰাত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন হয়৷ দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পদৰ পৰা পদত্যাগ কৰে। পদত্যাগৰ এক বা দুই ঘণ্টাৰ ভিতৰতে ঘোষণা কৰা হয় নতুন মুখ্যমন্ত্ৰীৰ নাম৷ ৰাজ্যসভাৰ সাংসদ ডা০ মানিক চাহাক ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা কৰা হৈছে। যদিও ৰাজ্যখনৰ বিজেপি চৰকাৰ খনৰ মন্ত্ৰী ৰাম প্ৰসাদ পলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে৷ বিধায়িনী দলৰ বৈঠকত বিধায়কসকলৰ মাজত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। বিধায়ক পাচনি পালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি চকী ভাঙে৷ পিছত কেন্দ্ৰীয় নেতাৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয়। চিঞৰি চিঞৰি চকী দলিওৱা এটা ভিডিঅ’ পোহৰলৈ আহিছে। খবৰ অনুসৰি পাচনি পালে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল৷ বাৰ্মা ৰাজপৰিয়ালৰ প্ৰতিনিধি। মুখ্যমন্ত্ৰীৰ সাল-সলনি সন্দৰ্ভত বিজেপিৰ আৰু কেইজনমান বিধায়কৰ পৰামৰ্শ লোৱা হোৱা নাছিল আৰু কেন্দ্ৰীয় নেতৃত্বই স্ব-ইচ্ছাই সিদ্ধান্ত লোৱা বুলি কয়৷

বিপ্লব দেৱৰ কাৰ্যত বহু বিধায়ক বিদ্ৰোহী হৈ পৰিছিল৷ তিনিজন বিধায়কে পদত্যাগ কৰিছে। মানিক চাহা এমাহ আগতে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ৰাজ্যখনৰ এখন ৰাজ্যসভাৰ আসন খালী হ’ব। বিপ্লব দেৱক ৰাজ্যসভাৰ আসনৰ প্ৰাৰ্থী কৰা হ’ব পাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে টুইট কৰি মানিক চাহাক অভিনন্দন জনাইছে।

বিজেপি নেতা ভূপেন্দ্ৰ যাদৱে মানিক চাহাক অভিনন্দন জনাই এখন ফটো টুইট কৰি লিখিছে যে ত্ৰিপুৰা বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মানিক চাহাক অভিনন্দন জনাইছো। মই নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত আৰু আপোনাৰ নেতৃত্বত ত্ৰিপুৰা উন্নয়নৰ নতুন শিখৰত উপনীত হ’ব।

বিপ্লব কুমাৰ দেৱে আজি ৰাজ্যপাল এছ এন আৰ্যলৈ পদত্যাগ পত্ৰ প্ৰদান কৰিছিল। বিপ্লব কুমাৰ দেৱে পদত্যাগ সন্দৰ্ভত কয় যে দলে সংগঠনটো শক্তিশালী কৰাৰ বাবে এনে কৰাটো বিচাৰিছিল। যোৱা বিধানসভা নিৰ্বাচন ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। ত্ৰিপুৰাত ৬০ জন সদস্যৰ বিধানসভা। ৪৩ শতাংশ ভোট লাভ কৰি বিজেপিয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যখনত ৩৬ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল৷ দীৰ্ঘদিনীয়া বাওঁপন্থী শাসনৰ সমাপ্তি ঘটিছিল। সেই নিৰ্বাচনত, বাওঁপন্থী দলবোৰে মাত্ৰ ১৬ খন আসন লাভ কৰিছিল।

দন্ত শল্য চিকিৎসকৰ পৰা ৰাজনীতিবিদ হোৱা মানিক চাহা শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হৈছে। শনিবাৰে বিজেপি বিধায়িনী দলৰ বৈঠক তৎপৰতাৰে আহ্বান কৰাৰ পিছতে দেৱে চাহাৰ নাম ঘোষণা কৰে আৰু কয় যে নতুন মুখ্যমন্ত্ৰীক সকলো সমৰ্থন আগবঢ়াব। চাহা ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়ৰ বিভাগটোৰ অধ্যাপক আৰু মুৰব্বী আছিল। ত্ৰিপুৰা ক্ৰিকেট সংস্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। মানিক চাহাই ২০১৬ চনত বিজেপিত যোগদান কৰিছিল।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে