ডিজিটেল ডেস্কঃ ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বহু চহৰ ধ্বংসস্তুপত পৰিণত হৈছে। ইফালে, আজি ৰাছিয়াৰ সেনাই খাৰকিভ সামৰিক একাডেমীক লক্ষ্য কৰি এটা ৰকেট নিক্ষেপ কৰে। বাতৰি অনুসৰি, ৰাছিয়াৰ সেনাই কেইবাটাও আৱাসিক এলেকাত আক্ৰমণ চলাইছে। একে সময়তে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলৰ বাবে ভাৰত চৰকাৰে কেবাটাও নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। এই নিয়ন্ত্ৰণ কক্ষবোৰ পোলেণ্ড, ৰোমানিয়া, হাংগেৰী আৰু স্লোভাক গণৰাজ্যত স্থাপন কৰা হৈছে। এই দেশবোৰ ইউক্ৰেইনৰ সীমান্ত দেশ। ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলে সহায় পাবলৈ আৰু ঘৰলৈ উভতি যাবলৈ চৰকাৰে জাৰী কৰা নম্বৰবোৰত কল কৰিব পাৰে। উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কেইবাদিনো ধৰি যুদ্ধ চলি আছে আৰু এই যুদ্ধৰ সমাপ্তিৰ বাবে দুয়োখন দেশৰ মাজত আলোচনাও হয় যদিও, আলোচনা সম্পূৰ্ণৰূপে বিফল হয়। যাৰ ফলত ৰাছিয়া অধিক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে।
ৰাছিয়াই দ্ৰুতগতিত ইউক্ৰেইনৰ বহু চহৰত আক্ৰমণ চলাই আছে। ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ খাৰকিভ চহৰত অৱস্থিত এটা চৰকাৰী মুখ্য কাৰ্যালয়ত এক বৃহৎ আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হয়। তদুপৰি, ৰাজধানী কিয়েভৰ মুখ্য দূৰদৰ্শন টাৱাৰত ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইকত পাঁচজন লোক নিহত হয়। দূৰদৰ্শন টাৱাৰত হোৱা এয়াৰ ষ্ট্ৰাইকৰ ফলত দূৰদৰ্শনৰ সম্প্ৰচাৰ বন্ধ হৈ পৰে। ইপিনে, ৰাজধানী কিয়েভত হোৱা বিমান আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত থকা ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে।
খবৰ অনুসৰি, কিয়েভত থকা ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে যাতে তাত আৰু কোনো ভাৰতীয় নাথাকে। ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য কৰ্মচাৰীসকলে যুদ্ধবিধ্বস্ত দেশখনৰ পশ্চিম অংশৰ ফালে নিজৰ স্থান সলনি কৰে।
উল্লেখ্য যে, মঙলবাৰে খাৰকিভ চহৰত ৰাছিয়াৰ আক্ৰমণত এজন ভাৰতীয় ছাত্ৰও নিহত হয়। কৰ্ণাটকৰ বাসিন্দা নবীন শেখৰাপ্পা ৰেচন আনিবলৈ দোকানলৈ গৈছিল। তেওঁ ৰেচনৰ বাবে দোকানৰ সন্মুখত শাৰী পাতি থিয় হৈ আছিল, ৰাছিয়াৰ সেনাই এটা প্ৰশাসনিক ভৱনক লক্ষ্য কৰি আক্ৰমণ কৰাত নবীন সেই আক্ৰমণত নিহত হয়।