নুমলীগড়ঃ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে আতংকৰ সৃষ্টি কৰিছে নুমলীগড়ত৷ বিগত কেইবাদিন ধৰি জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থিতাপি লৈ থকাত ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ-যাহ কৰি থকা গাড়ীসমূহে সমস্যাত পৰা পৰিলক্ষিত হৈছে যদিও বন বিভাগে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷
নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবাথানৰ দেওপাহাৰত বৃহস্পতিবাৰে হাতীৰ জাকটোৱে পুনৰ ওলাই আহে৷ ৰাষ্ট্ৰীয় ঘাইপথত গজৰাজ ওলাই অহাত দীৰ্ঘ সময় বহু যান বাহন আৱদ্ধ হৈ পৰে। গাড়ীসমূহ শাৰী পাতি থকাৰ সময়তে এজন বাইক আৰোহীলৈ খেদা মাৰি আহিছিল যদিও কথমপি ৰক্ষা পৰে। ৰাষ্ট্ৰীয় ঘাইপথত পাৰ হৈ বহু সময় তহল দি পথটো আবদ্ধ কৰি ৰাখে যদিও এটা সময়ত পথৰ পৰা আতৰি দেওপাহাৰৰ হাবিত সোমায় হাতীৰ জাকটোৱে। সন্ধিয়া প্ৰায়ে হাতীৰ জাকটোৱে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত টহল দিয়ে আতংকৰ সৃষ্টি কৰে যদিও বন বিভাগে পৰাহ দিয়াৰ ব্যৱস্থা কাৰ দেখা নাযায়৷