বোকাজানঃ সোমবাৰে বিয়লি বোকাজান মহকুমাৰ খটখটি আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্ৰৰ পম খেদি বিয়লি প্ৰায় তিনি বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা সহ-পৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল আৰু চৰণ মোহন চেতিয়াৰ সহযোগত খটখটি থানাৰ অন্তৰ্গত নথাং বস্তি এলেকাত হেৰ’ইন, ব্ৰাউন ছুগাৰ জাতীয় নিষিদ্ধ ড্ৰাগছৰ সন্ধানত অভিযান চলাই।
অভিযানত এনএল-০৭-আৰ-৬৭২৮ নম্বৰৰ এখন স্কুটিৰ পৰা ত্ৰিশটা চাবোনৰ বাকচত ৰখা অৱস্থাত ৩৬৪ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে খটখটি থানাৰ অন্তৰ্গত নথাং বস্তিৰ সঞ্জীৱ প্ৰধান (৪৬) আৰু মণিপুৰৰ সেনাপতি জিলাৰ মাও থানাৰ অন্তৰ্গত লাইৰাওচিং নিবাসী তিৱা আগষ্টিন (৪৩) বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।