কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ বন বিষয়াৰ চকুত ধুলি দি নিতৌ কামপুৰ-বৈঠালাংচু পথৰে শ-শ ট্ৰাক-ডাম্পাৰ চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ শতাধিক ট্ৰাক-ডাম্পাৰে বালি কঢ়িয়াই কৰ ফাঁকি দি গৈছে৷ অধিক বোজা কঢ়িওৱাৰ লগতে কাৰ্বি আংলং জিলাৰ পৰা অত্যাধিক বালি কঢ়িয়াই অনা ডাম্পাৰৰ দৌৰাত্মই কপিলী দলঙলৈ ভাবুকি অহাৰ সন্দৰ্ভত বাতৰি পৰিবেশন হৈ আহিছে৷
দুদিন পূৰ্বে প্ৰকাশ পোৱা বাতৰিসমূহক সঁচা পতিপন্ন কৰি দুদিন পিছতেই দুখনকৈ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে কঠিয়াতলী বনাঞ্চলিক বিষয়াই। এতিয়া প্ৰশ্ন উঠিছে কাৰ্বি আংলং সীমান্তৰ পৰা কামপুৰৰ তেতেলী সৰা নিশাৰি দলঙলৈ বিস্তৃত কামপুৰৰ বন আঞ্চলিক বিষয়া কাৰ্যালয়ৰ নাকৰ তলৰে এই এলেকাটোৰ মাজেৰে কেনেদৰে পাৰ হয় এই ডাম্পাৰ সমূহ? নে চকু মুদা কুলিৰ ভাও লৈছে কামপুৰৰ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ে।
উল্লেখ্য যে, এই ধৰণে অত্যাধিক বালি কঢ়িয়াই নিয়াৰ ফলত চৰকাৰক বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ লগতে কামপুৰৰ কপিলী দলংখনলৈ ভাবুকি নামি আহিছে। দুৰ্নীতি বিৰোধী, শূন্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰখনে কিবা ব্যৱস্থা লবনে? সেয়াই লক্ষ্যণীয় হ’ব৷