ডিজিটেল ডেস্কঃ হিজাব বিতৰ্কৰ কেন্দ্ৰবিন্দু কৰ্ণাটক। কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক সমগ্ৰ দেশতে আলোচনাৰ বিষয় হৈ পৰে। ইফালে, কৰ্ণাটকৰ শিৱমোগাত ২৬ বছৰীয়া বজৰং দলৰ কৰ্মী হৰ্ষক হত্যা কৰাৰ অভিযোগত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে। বজৰং দলৰ কৰ্মীজনক দেওবাৰে নিশা প্ৰায় ৯ বজাত হত্যা কৰা হয়। বজৰং দলৰ কৰ্মীজনৰ হত্যাৰ পিছত চহৰখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। বজৰং দলৰ কৰ্মীজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই ঘটনাৰ পিছত শিৱমোগাত ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু সোমবাৰে চহৰখনৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।