ডিজিটেল ডেস্কঃ ৰাজ্যত মহামাৰী ক’ৰোনাই লৈছে ভয়ংকৰ ৰূপ। গণ সংক্ৰমণৰ আশংকাত ত্ৰস্তমান সকলো। চৌদিশে এতিয়া কেৱল ক’ৰোনাই সৃষ্টি কৰা ভয়-শংকা তথা নেতিবাচক বাতাবৰণ। অব্যাহত আছে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ। চিকিৎসক, নাৰ্ছ, আৰক্ষী, চৰকাৰ প্ৰশাসন এই যুঁজখনত সন্মুখৰ পৰা দি আছে নেতৃত্ব। সমান্তৰালভাৱে জৰুৰী সেৱাৰ লগত জড়িতসকলেও অৱতীৰ্ণ হৈছে এই যুঁজত। কিয়নো মানৱ সমাজ জয়ী হ’বই লাগিব এই যুঁজত। লক্ষ্যণীয় যে, সংক্ৰমণৰ সমান্তৰাভাৱে আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও কিন্তু বৃদ্ধি পাই আছে। উদ্ভাৱন হ’বলৈ গৈ আছে ক’ৰোনাৰ ভেকচিন। নিঃসন্দেহে এয়া ইতিবাচক খবৰ। ক’ৰোনাই সৃষ্টি কৰা নেতিবাচক বাতাবৰণৰ মাজতে এনেবোৰ ইতিবাচক খবৰে আশাৰ সঞ্চাৰ কৰিছে। এনে পৰিৱেশৰ মাজতে আজি আমি আপোনালোকক দিবলৈ ওলাইছো এটা ভাল খবৰ। হয়, অসম আৰক্ষীয়ে শীঘ্ৰে আৰম্ভ কৰিব নিযুক্তি প্ৰক্ৰিয়া। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই স্কাই নিউজৰে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে এই কথা। এই সন্দৰ্ভত তেওঁ কয়- ‘নিযুক্তকৰণ প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হ’ব। SLPRBৰ সঞ্চালক প্ৰদীপ কুমাৰ লগত এই সন্দৰ্ভত আলোচনাও কৰিছো। মাত্ৰ তেওঁক এটা প্লেন দিবলৈ কৈছো। ছ’চিয়েল ডিষ্টেনছিং কেনেকৈ মেইনটেইণ্ট কৰি কোভিড-১৯ৰ এই সময়ছোৱাত নিৰ্ধাৰিত নিয়ম-কানুনসমূহ পালন কৰি আমি নিযুক্ত প্ৰক্ৰিয়াটো কিদৰে কৰিব পাৰো সেই বিষয়ে আমি পৰিকল্পনা কৰিছো।’