March 29, 2023, 5:28 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, ইটালীক অতিক্ৰম, পঞ্চমস্থানত উপনীত হ’ব নেকি ভাৰত?

Reporter Name
  • Update Time : Sunday, June 7, 2020
  • 125 Time View

ডিজিটেল ডেস্কঃ ক’ৰোনা আক্ৰান্তৰ তালিকাত প্ৰথমস্থানত আছে শক্তিশালী আমেৰিকা। আমেৰিকাত এই পৰ্যন্ত ১৯ লাখ ৮৮ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে। আমেৰিকাত ১ লাখ ১২ হাজাৰ লোকৰ মৃত্যু হৈছে। তালিকাৰ দ্বিতীয়স্থানত আছে ব্ৰাজিল। ব্ৰাজিলত এই পৰ্যন্ত ৬ লাখ ৭৬ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৩৬ হাজাৰ লোকৰ। তৃতীয়স্থানত আছে ৰাছিয়া। ৰাছিয়াত এই পৰ্যন্ত ৪ লাখ ৬৭ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু ৫,৫৮৯গৰাকী লোকৰ মৃত্যু হৈছে। চতুৰ্থস্থানত আছে স্পেইন। স্পেইনত এই পৰ্যন্ত ২ লাখ ৮৮ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে ২৭ হাজাৰ লোক। পঞ্চমস্থানত আছে ব্ৰিটেইন। ব্ৰিটেইনত এই পৰ্যন্ত ২ লাখ ৮৮ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু ৪০ হাজাৰ লোকৰ মৃত্যু হৈছে। সুখৰ খবৰ এই যে স্পেইন আৰু ব্ৰিটেইনত যোৱা কেইবাটাও ঘণ্টাত এগৰাকীও নতুন ৰোগী ধৰা পৰা নাই।

ওপৰত উল্লেখিত দেশসমূহত দ্ৰুত গতিত ৰোগী ধৰা পৰাৰ সময়ত ভাৰতে সম্পূৰ্ণ লক-ডাউন পালন কৰি আছিল আৰু ৰোগীৰ সংখ্যা একেবাৰে নগণ্য আছিল। কিন্তু এই দেশসমূহত নতুন ৰোগীৰ সংখ্যা কমি অহাৰ সময়তে ভাৰতত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈছে। ভাৰতত লক-ডাউন শিথিল কৰাৰ সময়তে ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ নাগৰিকে যাব ধৰাৰ সময়তে ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। ইপিনে বহিঃৰাষ্ট্ৰৰ পৰাও বিমান যোগে নাগৰিক আহিব ধৰিছে। যাৰ ফলত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি অনুমান কৰিব পাৰি।

ভাৰত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দিশত বিশ্বৰ ভিতৰত ষষ্ঠস্থানত আছে। ব্ৰিটেইনৰ পিছতে আছে ভাৰত। কেইহাজাৰ মান ৰোগী যদি বৃদ্ধি হয় তেন্তে ভাৰত পঞ্চমস্থানত পাব। ক্ষতিগ্ৰস্তৰ তালিকাৰ অন্যতম ইটালীক সংখ্যাৰ বলেৰে পিছ পেলাইছে ভাৰতে।

ক’ৰোনাকালত অধিক ক্ষতিগ্ৰস্ত আন এখন দেশ স্পেইনত এই পৰ্যন্ত মুঠ আক্ৰান্ত সংখ্যা হৈছে ২ লাখ ৮৮ হাজাৰ। ভাৰতত এই পৰ্যন্ত আক্ৰান্ত হৈছে ২ লাখ ৪৭ হাজাৰ লোক। ক’ৰোনা প্ৰাৰ্দুৰ্ভাৱৰ হোৱাৰ সময়তে অধিক ক্ষতিগ্ৰস্ত দেশসমূহত ক’ৰোনা ৰোগী কমকৈ পাবলৈ ধৰাৰ বিপৰীতে ভাৰতত এই সময়ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ব্যাপক হাৰত ক’ৰোনাৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ ব্যপক ব্যৱস্থা গঢ়ি তুলিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সমূহৰ সৈতে লগলাগি প্ৰকোপ ৰোধ কৰাৰ লগতে মানুহৰ জীৱন ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ আজি প্ৰকাশিত তথ্য মতে, ক’ৰোনা ৰোগীৰ মুঠ সংখ্যা হৈছে ২,৪৬,৬২৮। ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত ৬,৯২৯গৰাকী লোকৰ মৃত্যু হৈছে।

বিগত ২৪ ঘণ্টাত নতুনকৈ ৯,৯৭১গৰাকী লোক ধৰা পৰিছে। বিগত ২৪ ঘণ্টাত ২৮৭গৰাকী লোকৰ মৃত্যু হৈছে। কিন্তু ভাল খবৰ এই যে দেওবাৰ তথা আজিলৈ ১,১৯,২৯৩গৰাকী লোক সুস্থ হৈ হস্পিতাল এৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে