ডিজিটেল ডেস্কঃ অসমৰ লগতে চুবুৰীয়া ৰাজ্য মিজোৰামত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমে বৃদ্ধি হ’ব ধৰিছে৷ অসমত আক্ৰান্তৰ সংখ্যা ৩ হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ লগতে মিজোৰামত শতকৰ ঘৰ পাৰি কৰিলে মিজোৰামত৷ মিজোৰামত বৃহস্পিতাবাৰ পৰ্যন্ত ১০২গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে। বিগত ২৪ ঘণ্টাত ৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।
মিজোৰামৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, পুনৰ ৯গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ বৰ্তমান ১০১গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ মিজোৰাম ৰাজ্য ক’ৰোনা মুক্ত আছিল যদিও লক-ডাউন শিথিল কৰাৰ লগতে বহিঃৰাষ্ট্ৰ আৰু বহিঃৰাজ্যৰ লোক ৰাজ্যত প্ৰৱেশ কৰাৰ পিছতে ক’ৰোনা আক্ৰান্ত ৰোগী হঠাৎ বৃদ্ধি হোৱাই নহয় ১০০ৰ ঘৰ পাৰ কৰিলে৷