নিউজ ডেস্কঃ কৃষক নেতা অখিল গগৈ আক্ৰান্ত হৈছে ক’ৰোনাত৷ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ পিছতে অখিল গগৈৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ৷ কাৰাৰুদ্ধ অসুস্থ অখিল গগৈৰ স্বাৱ পৰীক্ষাৰ ফলাফলত কভিডৰ উপস্থিতি পোৱা গৈছে৷
উল্লেখ্য যে, অখিল গগৈৰ লগতে আটাইকেইজন সতীৰ্থই সংবাদ মাধ্যমৰ আগত বাৰম্বাৰ কৈছিল কাৰাগাৰত ক’ৰোনা প্ৰতিৰোধৰ কোনো উপযুক্ত ব্যৱস্থা নাই৷ কোনো সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ পৰিবেশ৷ তদুপৰি প্ৰতিদিনে নতুন নতুন কয়দী কাৰাগাৰলৈ আনি থকা হৈছে৷ এনে পৰিস্থিতিত বৃহস্পতিবাৰে তিনিজন কৃষক নেতাৰ দেহত কভিডৰ অৱস্থিতি পোৱা পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত৷