গুৱাহাটীঃ বৃহস্পতিবাৰে দুপৰীয়া ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছে অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে৷ কিছুদিন পূৰ্বে ক’ৰোনাত আক্ৰান্ত হৈ আছিল চিকিৎসাধীন হৈ আছিল অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাস৷ জিএনআৰচিত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয়৷ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আকোৱালি লোৱা বিমল দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ। আনহাতে অভিনেত্ৰী চেতনা দাসো ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে জিএনআৰচিত।