গুৱাহাটীঃ ৰাজ্যত নিতৌ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এখন সংবাদমেল যোগে শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ বিষয় স্পষ্ট কৰে৷ কোভিড সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰা অসমত মৃত্যুৰ হাৰ বাঢ়িছে বুলি অকপটে স্বীকাৰ কৰে৷
মন্ত্ৰীজনৰ মতে পূৰ্বতকৈ জটীল অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যখনত৷ ৰাজ্যত অক্সিজেনৰ নাটনী হোৱা বুলিও স্বীকাৰ কৰে মন্ত্ৰীজনে৷
প্ৰয়োজনীয় অক্সিজেনৰ অভাৱে দেখা দিছে বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে পশ্চিম বংগ আৰু ওড়িশাৰ পৰা অক্সিজেন চিলিণ্ডাৰ অনাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে৷