March 30, 2023, 1:43 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

‘কৰম পৰৱ’ৰ দিনটোক ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবীত টীয়কৰ ৰাজপথত গীত-নৃত্যৰে প্ৰতিবাদ

Reporter Name
  • Update Time : Tuesday, August 25, 2020
  • 132 Time View

টীয়কঃ মঙলবাৰে টীয়কত নিজ অধিকাৰৰ হকে পৰম্পৰাত ঝমুৰ নৃত্য পৰিবেশন আৰু গীত-মাতেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ জনগোষ্ঠীৰ লোকে৷ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি তথা দীৰ্ঘদিন ধৰি জনগোষ্ঠীৰটোৰ লোককসলে উত্থাপন কৰি অহা দাবীসমূহ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি পৰম্পৰাগত কৰম উৎসৱৰ দিনটোতে টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীটোৰ লোক৷

সাংস্কৃতিক ভাৱে চহকী চাহ জনগোষ্ঠীয়ে প্ৰতিবছৰে পৰম্পৰাগত ভাৱে পালন কৰে ‘কৰম পৰৱ’৷ এই উৎসৱ উলহ-মালহেৰে প্ৰতিবছৰে জনগোষ্ঠীটোৰ লোকসকলে পালন কৰে যদিও এইবেলি প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদ দিৱস ৰূপে পালন কৰে জনগোষ্ঠীটোৰ লোকসকলে৷ পৰম্পৰাগত উৎসৱৰ এই দিনটোতে ৰাজপথত সাংস্কৃতিক প্ৰতিবাদ সাবস্ত কৰে ৰাইজে৷ কৰম পৰৱৰ দিনটোক ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবীত টীয়কৰ ৰাজপথত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট শাখা সমিতিৰ সহযোগত সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্য চৰকাৰক পবিত্ৰ কৰম পৰৱত চৰকাৰী বন্ধ ঘোষণাৰ বাবে বহুবাৰ আবেদন কৰাৰ পিছতো চৰকাৰে কাৰ্যকৰী নকৰাত টীয়কৰ ৰাজপথত চৰকাৰৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে৷ ২১ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে