গুৱাহাটীঃ ৰাজ্যত ক’ৰণাৰ ভয়াবহ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত জাৰি কৰা ল’ক ডাউনৰ প্ৰথমটো দিনত দেখা গ’ল ৰাইজৰ স্বতঃস্ফূৰ্ত সহাৰি৷
ৰাজধানী চহৰখনৰ প্ৰায় বিলাক অঞ্চলৰ সমান্তৰালভাৱে সদাব্যস্ত ঠাই গণেশগুৰি, চান্দমাৰী, পল্টনবজাৰ, ভঙাগড় আদিত সকলো দোকাক পোহাৰ , যান-বাহন বন্ধ থকাৰ লগতে নিমাওমাও পৰিবেশে বিৰাজ কৰে৷ জৰুৰীকালীন সেৱাৰ লোকৰ বাহিৰে আন কোনো লোকৰ চলাচল দেখা নাযায় মহানগৰীৰ ৰাজপথত৷
ইফালে ল’ক ডাউন যাতে ভংগ কৰি কোনেও ঘৰৰ পৰা ওলাই নাহে তাৰ প্ৰতিও লক্ষ্য ৰাখে মহানগৰীৰ আৰক্ষীয়ে৷ মহানগৰীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে বেৰিকেড স্থাপন কৰা লগতে জৰুৰী কামৰ বাবে উলাই অহা প্ৰতিজন ব্যক্তিৰ তথ্য পাতি তথা অনুজ্ঞাপত্ৰ পৰীক্ষা কৰে৷
জানিব পৰামতে সোমবাৰে দিনটোত আইন উলংঘা কৰি এজন দুজন লোক মটৰচাইকেল লৈ উলাই আহিছিল যদিও তেওঁলোকৰ ওপৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে৷
উল্লেখ্য যে যোৱা দিনত কেইটাত মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছিল ক’ৰণাৰ সংক্ৰমণ৷ কিয়নো এটা দিনত অৰ্থাৎ ২৪ ঘন্টাত চৰকাৰী তথ্য অনুসৰি ২০০ জনলৈ কৰ’ণা সংক্ৰমণ বৃদ্ধি হয়৷ এনে পৰিপ্ৰেক্ষিততে প্ৰশাসনে জাৰি কৰে এই ল’ক ডাউন৷