মুম্বাইঃ কৰ’না মহামাৰীৰ এই সময়ত স্বাস্থ্যকৰ্মী আৰু আৰক্ষী তথা আন একাধিক জৰুৰীকালীন সেৱৰা সৈতে জড়িত লোকসকলৰ দৰেকৈ বেংকৰ কৰ্মচাৰীসকলেও নিজৰ জীৱনকো তুচ্ছ কৰি আগবঢ়াই গৈছে সেৱা। কেবাজনো বেংক কৰ্মচাৰীয়ে ইতিমধ্যে ৰাইজক সেৱা আগবঢ়াই মৃত্যুমুখতো পৰিবলৈ বাধ্য হৈছে।
এনে এগৰাকী বেংক কৰ্মচাৰী হৈছে মুম্বাইস্থিত আইডিবিআই বেংকৰ মালাড় শাখাৰ উদয় কামাথ। যোৱা ১ মে’ত ৫৬ বছৰীয়া বেংক বিষয়াজন কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। মহাৰাষ্ট্ৰৰ বেংক কৰ্মচাৰীসকলৰ সংগঠন এমএছবিইএফে জনোৱা মতে যোৱা ২৮ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কামাথক।
মহাৰাষ্ট্ৰৰ এইগৰাকী বেংক বিষয়াৰ মৃত্যুৰ পিছতে বংক কৰ্মচাৰীসকলে কিদৰে কৰ’নাৰ এই সংকটকালত সাহসেৰে বিশেষ সা-সুবিধা অবিহনেই যুঁজ দি গৈছে সেয়া স্পষ্ট কৰি তুলিছে বুলি মন্তব্য কৰিছে এমএছবিইএফে। সংগঠনটোৰ মতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নকৰাৰ ফলতে এনেদৰে এতিয়া দেশৰ বহু বেংকত কৰ্মচাৰীসকলে ভয় আৰু শংকাৰে কাম কৰিবলৈ বাধ্য হৈ পৰিছে।
বেংক বিষয়াগৰাকীৰ মৃত্যুৰ পিছতে টুইটাৰতো বহুতে বেংকাৰসকলক কৰ’নাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা দেখা গৈছে। বহুতে স্বাস্থ্যকৰ্মীসকলৰ দৰেকৈ বেংকৰ কৰ্মচাৰীসকলকো বিশেষ বীমা প্ৰদান কৰিবলৈ আহ্বান জনাইছে চৰকাৰক।
কৰ’নাৰ এই সংকটকালত চৰকাৰে প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰাৰ লগতে এই সময়ছোৱাত হোৱা প্ৰতিটো লেনদেনেই বেংকৰ কৰ্মচাৰীসকলৰ অবিহনে কৰাতো সম্ভৱ নহয়। কিন্তু ইমানৰ পিছতো প্ৰয়োজনীয় সুৰক্ষা তথা গুৰুত্ব অবিহনেই কাম কৰি যাবলগীয়া হোৱাত বেংকাৰসকল হতাশ হৈ পৰা বুলিও কেবাজনো অৰ্থনীতিবিদে মন্তব্য কৰা দেখা গৈছে।
উল্লেখ্য যে, একাধিক দাবী তথা চৰ্চাৰ পিছত চৰকাৰী বেংকসমূহ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা পলমকৈ হ’লেও গ্ৰহণ কৰিলেও ব্যক্তিগত খণ্ডৰ বেংকসমূহত তেনে তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই। আনকি ২৩ এপ্ৰিলত বিত্ত মন্ত্ৰণালয়ে ৰাজহুৱা খণ্ডৰ ব বেংকৰ কৰ্মচাৰীসকলৰ বাবে বীমাৰ কথাও ঘোষণা কৰিছে।