March 30, 2023, 4:00 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৰ’নাৰ গণ সংক্ৰমণৰ ত্ৰাসৰ পৰা ৰক্ষা পৰিল নগাঁৱৰ চকলাঘাটবাসী

Reporter Name
  • Update Time : Wednesday, June 24, 2020
  • 96 Time View

নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা কংকন মুদৈ ওৰফে বুপটি(৩৪) নামৰ এজন যুৱকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰা ঘটনাই গণ সংক্ৰমণৰ আশংকাত থকা অঞ্চলবাসী ৰাইজলৈ অৱশেষত আহিল শুভ সংবাদ৷ ফলত বিগত ছয়দিন ধৰি ত্ৰাসৰ মাজেৰে সময় অতিবাহীত কৰা অঞ্চলবাসী ৰাইজে পেলাইছে স্বস্তিৰ নিশ্বাস৷ কিয়নো কৰ’নাত আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ দেহত পোৱা নগ’ল ক’ভিড-১৯ ৰ উপস্থিতি৷

উল্লেখ্য, আয়ুস্মান ভাৰতৰ আৰোগ্য মিত্ৰ হিচাপে কৰ্মৰত কংকন মুদৈ জণ্ডিছ আৰু যকৃতজনীত ৰোগত আক্ৰান্ত হৈ হঠাতে গুৰুত্বৰভাবে অসুস্থ হৈ পৰাত যোৱা ১৮ জুনত নগাঁৱৰ জি ডি হস্পিতালত ভৰ্তি কৰোৱাৰ পিছতহে স্বাৱ পৰীক্ষাত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল৷ ইয়াৰ পূৰ্বে এই যুৱকজন যোৱা পহিলা জুনৰে পৰা সামান্য জ্বৰতো আক্ৰান্ত হৈছিল যদিও যুৱকজন ঘৰতে থাকি অঞ্চলত চলাফিৰা কৰি ফুৰিছিল৷ সেয়ে এনেদৰে সকলোকে আচৰিত কৰি যুৱকজনৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাত অঞ্চলবাসী ৰাইজ আতংকিত হৈ পৰিছিল৷ কিয়নো চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে যুৱকজন অসুস্থ হৈ ঘৰতে থকা অৱস্থাত বহুলোক তেওঁৰ সংস্পৰ্শলৈ অহাৰ আশংকাই গঞাৰাইজক চিন্তিত কৰি তুলিছিল৷

বিশেষকৈ বহু বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্ব বা প্ৰতিবেশী লোক যুৱকজনৰ খবৰ ল’বলৈ যুৱকজনৰ ঘৰলৈ অহা, যুৱকজনক বেজী দিয়া এজন যুৱক তথা জণ্ডিছ ৰোগৰ আৰোগ্যৰ বাবে জৰা-ফুকা কৰিবলৈ অহা স্থানীয় এগৰাকী মহিলাৰ লগতে চিকিৎসালয়লৈ লৈ যোৱা টেম্প’খনৰ বিষয়কলৈ ৰাইজৰ মাজত বেছ চৰ্চা চলিছিল৷ ইফালে, ট্ৰেভেল হিষ্ট্ৰী নথকা এজন যুৱক এনেদৰে কৰ’নাত আক্ৰান্ত হোৱা বিষয়টো খুব গুৰুত্বসহকাৰে লৈ সেই দিনাই জিলা প্ৰশাসনে যুৱকজনে বাস কৰা চকলাঘাটৰ চাউলখোৱা গাঁও কন্টেনমেন্ট জ’ন হিচাপে ঘোষণা কৰি গাঁওখনলৈ সকলো লোকৰে ওলোৱা-সোমোৱাত বাধা আৰোপ কৰাৰ লগতে আক্ৰান্ত যুৱকজনৰ সমগ্ৰ বাসগৃহ আৰু চৌহদ ছেনিটাইজ কৰিছিল৷

তদুপৰি যোৱা ২০ জুনত স্বাস্থ্য বিভাগৰ দল আহি আক্ৰান্ত যুৱকজনৰ ঘৰৰ পৰিয়ালৰ সকলো লোকৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা মুঠ ৬৫ গৰাকী ব্যক্তিৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল৷ আনকি গণ সংক্ৰমণ যাতে হ’ব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ইতিমধ্যে যুৱকজনক বেজী দিয়া এজন যুৱকৰ লগতে জণ্ডিছ ৰোগৰ চিকিৎসা কৰা স্থানীয় মহিলাগৰাকীক হোম কোৱাৰেন্টাইন কৰিছিল৷ কিন্তু কৰ’নাত আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শত অহা ৬৫ গৰাকী ব্যক্তিৰ স্বাৱ পৰীক্ষাৰ পৰীক্ষাৰ ফলাফলত আজি সকলোৰে নিগেটিভ অহাত অঞ্চলবাসী ৰাইজৰ মাজৰ পৰা আতংকৰ চাপ আঁতৰা পৰিলক্ষিত হৈছে৷ এক কথাত যেন এই ৬৫ জনৰ স্বাৱ পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱাত অভাৱনীয় পৰিস্থিতি সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিল বৃহত্তৰ চকলাঘাটবাসী৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে