১. ৰাজ্যত ১২৫,৪৫৯ জনলৈ বৃদ্ধি কৰ’নাক্ৰান্তৰ সংখ্যা। দেওবাৰে কৰ’নাৰ ফলত পুনৰ ৮ জনৰ মৃত্যু। মুঠ ৩৬০ জনৰ মৃত্যু। যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ১৫৩৮ জন।
২. কৰ’নাক্ৰান্তৰ সংখ্যাই ৪১ লাখৰ ঘৰ অতিক্ৰম কৰাৰ মাজতে সুখবৰ। ৭৭.৩২ শতাংশলৈ বৃদ্ধি পালে সুস্থতাৰ হাৰ। মৃত্যুৰ হাৰো ১.৭২ শতাংশলৈ হ্ৰাস।
৩. দিল্লীত ১৬৯ দিনৰ অন্তত আজিৰে পৰা পুনৰ আৰম্ভ মেট্ৰ’ ৰেল সেৱা। সাৱধানতাৰ মাজেৰে যাত্ৰীসকলক যাত্ৰা কৰিবলৈ আহ্বান।
৪. কৰ’না কালৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱক তিৰোভাৱ তিথিত স্মৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি নাম-প্ৰসংগৰ আয়োজন।
৫. বান্দৰদেৱা আৰক্ষী চকীৰ সমীপৰ পথালি পাহাৰ কাচমাৰীত পথ দুৰ্ঘটনা। দ্ৰুত বেগী ট্ৰাকৰ খুন্দাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থিতাতে মৃত্যুক সাৱটিলে এজন বাইক আৰোহীয়ে।
৬. নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যাৰ্পণ সন্দৰ্ভত গ্ৰেট ব্ৰিটেইনৰ আদালতত আজি চলিব শুনানি। দ্বিতীয় পৰ্যায়ৰ এই শুনানি চলিব ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে।
৭. সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক আজি পুনৰ সোধ-পোছ কৰিব এনচিবিয়ে। দেওবাৰে প্ৰায় ৬ ঘন্টা সোধ-পোছ কৰা হয় অভিনেত্ৰীগৰাকীক।
৮. কাৰ্বি আংলঙৰ কাৰফাইচুং জলপ্ৰপাতত সন্ধানহীন দুজন যুৱক। দেওবাৰে গা ধুবলৈ গৈ সন্ধানহীন যুৱক দুজন।
৯. সোমবাৰে পুৱাই ভূঁইকপে জোকাৰি গ’ল মুম্বাইক। মুম্বাই আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ৩.৫ প্ৰাবল্যৰ জোকাৰণি অনুভূত।
১০। নগাঁৱৰ উৰিয়াগাঁও বাইপাছত দেওবাৰে নিশা এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদ। বৃহৎ নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।