নতুন দিল্লীঃ দিনে দিনে ভাৰতত নতুন অভিলেখ গঢ়িছে কৰ’না মহামাৰীয়ে। প্ৰতিটো দিনতে ১৩-১৪ হাজাৰ লোক নতুনকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পাছত যোৱা ২৪ ঘন্টাত ১৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘন্টাত কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ১৫,৪১৩ জন লোক। এই সময়খিনিত ৰোগবিধত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩০৬ জন লোকৰ। অৱশ্যে ভাৰতত আৰোগ্যৰ হাৰ ৫৫.৪৮ শতাংশলৈ বৃদ্ধি পাইছে।